41:30-refs

৩৩:৪৩
هُوَ الَّذِي يُصَلِّي عَلَيْكُمْ وَمَلَائِكَتُهُ لِيُخْرِجَكُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۚ وَكَانَ بِالْمُؤْمِنِينَ رَحِيمًا
তেৱেঁই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে, যাতে তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে। তেওঁ মুমিনসকলৰ প্ৰতি পৰম দয়ালু।
.
৩:১২৪-১২৫
إِذْ تَقُولُ لِلْمُؤْمِنِينَ أَلَنْ يَكْفِيَكُمْ أَنْ يُمِدَّكُمْ رَبُّكُمْ بِثَلَاثَةِ آلَافٍ مِنَ الْمَلَائِكَةِ مُنْزَلِينَ
স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা, ‘এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে, তোমালোকৰ প্ৰতিপালকে তিনি হেজাৰ ফিৰিস্তা অৱতীৰ্ণ কৰি তোমালোকক সহযোগিতা কৰিব’?
৩:১২৫
بَلَىٰ ۚ إِنْ تَصْبِرُوا وَتَتَّقُوا وَيَأْتُوكُمْ مِنْ فَوْرِهِمْ هَٰذَا يُمْدِدْكُمْ رَبُّكُمْ بِخَمْسَةِ آلَافٍ مِنَ الْمَلَائِكَةِ مُسَوِّمِينَ
হয়, নিশ্চয়, যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা, তাক্বৱা অৱলম্বন কৰা আৰু সিহঁতে দ্ৰুত গতিত তোমালোকৰ ওপৰত আক্ৰমণ কৰে, তেন্তে আল্লাহে পাঁচ হেজাৰ চিহ্নিত ফিৰিস্তা প্ৰদান কৰি তোমালোকৰ সহায় কৰিব।
.
৮:১০-১২
وَمَا جَعَلَهُ اللَّهُ إِلَّا بُشْرَىٰ وَلِتَطْمَئِنَّ بِهِ قُلُوبُكُمْ ۚ وَمَا النَّصْرُ إِلَّا مِنْ عِنْدِ اللَّهِ ۚ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
আৰু আল্লাহে এইটো কৰিছে কেৱল সুসংবাদস্বৰূপে আৰু যাতে তোমালোকৰ অন্তৰসমূহে ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
৮:১১
إِذْ يُغَشِّيكُمُ النُّعَاسَ أَمَنَةً مِنْهُ وَيُنَزِّلُ عَلَيْكُمْ مِنَ السَّمَاءِ مَاءً لِيُطَهِّرَكُمْ بِهِ وَيُذْهِبَ عَنْكُمْ رِجْزَ الشَّيْطَانِ وَلِيَرْبِطَ عَلَىٰ قُلُوبِكُمْ وَيُثَبِّتَ بِهِ الْأَقْدَامَ
স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষাইছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।
৮:১২
إِذْ يُوحِي رَبُّكَ إِلَى الْمَلَائِكَةِ أَنِّي مَعَكُمْ فَثَبِّتُوا الَّذِينَ آمَنُوا ۚ سَأُلْقِي فِي قُلُوبِ الَّذِينَ كَفَرُوا الرُّعْبَ فَاضْرِبُوا فَوْقَ الْأَعْنَاقِ وَاضْرِبُوا مِنْهُمْ كُلَّ بَنَانٍ
স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছো, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে আঘাত কৰা সিহঁতৰ গলধনত আৰু আঘাত কৰা সিহঁতৰ প্ৰত্যেক গাঁঠিয়ে গাঁঠিয়ে।
...

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran