25:58-refs:ap
25:58-refs:ap 57:3, 5:67, 73:9, 11:123, 67:29 . ২৫:৫৮ وَتَوَكَّلْ عَلَى الْحَيِّ الَّذِي لَا يَمُوتُ وَسَبِّحْ بِحَمْدِهِ ۚ وَكَفَىٰ بِهِ بِذُنُوبِ عِبَادِهِ خَبِيرًا আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজনে কেতিয়াও মৃত্যুবৰণ নকৰিব, আৰু তেওঁৰেই সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট। ।।। ৫৭:৩ هُوَ الْأَوَّلُ وَالْآخِرُ وَالظَّاهِرُ وَالْبَاطِنُ ۖ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত। . ৫:৬৭ ۞ يَا أَيُّهَا الرَّسُولُ بَلِّغْ مَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ ۖ وَإِنْ لَمْ تَفْعَلْ فَمَا بَلَّغْتَ رِسَالَتَهُ ۚ وَاللَّهُ يَعْصِمُكَ مِنَ النَّاسِ ۗ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الْكَافِرِينَ হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে। . ৭৩:৯...