23:71-refs
23:71-refs: ২৩:৭১ وَلَوِ اتَّبَعَ الْحَقُّ أَهْوَاءَهُمْ لَفَسَدَتِ السَّمَاوَاتُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ بَلْ أَتَيْنَاهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُعْرِضُونَ আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰলৈ লৈ আহিছো সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়। . refs:(7:176; 21:10-24; 43:43) . ৭:১৭৬ وَلَوْ شِئْنَا لَرَفَعْنَاهُ بِهَا وَلَٰكِنَّهُ أَخْلَدَ إِلَى الْأَرْضِ وَاتَّبَعَ هَوَاهُ ۚ فَمَثَلُهُ كَمَثَلِ الْكَلْبِ إِنْ تَحْمِلْ عَلَيْهِ يَلْهَثْ أَوْ تَتْرُكْهُ يَلْهَثْ ۚ ذَٰلِكَ مَثَلُ الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۚ فَاقْصُصِ الْقَصَصَ لَعَلَّهُمْ يَتَفَكَّرُونَ আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদি...