4:115-Ref:68:44, 6:110, 37:22, 18:53
Ref:68:44, 6:110, 37:22, 18:53 . ৬৮:৪৪ فَذَرْنِي وَمَنْ يُكَذِّبُ بِهَٰذَا الْحَدِيثِ ۖ سَنَسْتَدْرِجُهُمْ مِنْ حَيْثُ لَا يَعْلَمُونَ এতেকে এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব। . ৬:১১০ وَنُقَلِّبُ أَفْئِدَتَهُمْ وَأَبْصَارَهُمْ كَمَا لَمْ يُؤْمِنُوا بِهِ أَوَّلَ مَرَّةٍ وَنَذَرُهُمْ فِي طُغْيَانِهِمْ يَعْمَهُونَ আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান আনা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ`ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম। . ৩৭:২২ ۞ احْشُرُوا الَّذِينَ ظَلَمُوا وَأَزْوَاجَهُمْ وَمَا كَانُوا يَعْبُدُونَ (ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল, . ১৮:৫৩ وَرَأَى الْمُجْرِمُونَ النَّارَ فَظَنُّوا أَنَّهُمْ مُوَاقِعُوهَا وَلَمْ يَجِدُوا عَنْهَا مَصْرِفًا আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁতে সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস...