ref7:196
ref7:196 🎪১১:৫৩-৫৬ قَالُوا يَا هُودُ مَا جِئْتَنَا بِبَيِّنَةٍ وَمَا نَحْنُ بِتَارِكِي آلِهَتِنَا عَنْ قَوْلِكَ وَمَا نَحْنُ لَكَ بِمُؤْمِنِينَ সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰত কোনো স্পষ্ট প্ৰমাণ লৈ অহা নাই, তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰো’। ১১:৫৪ إِنْ نَقُولُ إِلَّا اعْتَرَاكَ بَعْضُ آلِهَتِنَا بِسُوءٍ ۗ قَالَ إِنِّي أُشْهِدُ اللَّهَ وَاشْهَدُوا أَنِّي بَرِيءٌ مِمَّا تُشْرِكُونَ আমি কেৱল এইটোৱে কওঁ যে, ‘আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক অমঙ্গলৰ দ্বাৰা আক্ৰান্ত কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলো আৰু তোমালোকেও সাক্ষী হোৱা যে, নিশ্চয় মই সেইবোৰৰ পৰা মুক্ত যিবোৰক তোমালোকে অংশী কৰা’, ১১:৫৫ مِنْ دُونِهِ ۖ فَكِيدُونِي جَمِيعًا ثُمَّ لَا تُنْظِرُونِ ‘আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’। ১১:৫৬ إِنِّي تَوَكَّلْتُ عَلَى اللَّهِ رَبِّي وَرَبِّكُمْ ۚ مَا مِنْ دَابَّةٍ إِلَّا هُوَ آخِذٌ بِنَاصِيَتِهَا ۚ إِنَّ رَبِّي عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ ‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল...