2:61 note
২:৬১ وَإِذْ قُلْتُمْ يَا مُوسَىٰ لَنْ نَصْبِرَ عَلَىٰ طَعَامٍ وَاحِدٍ فَادْعُ لَنَا رَبَّكَ يُخْرِجْ لَنَا مِمَّا تُنْبِتُ الْأَرْضُ مِنْ بَقْلِهَا وَقِثَّائِهَا وَفُومِهَا وَعَدَسِهَا وَبَصَلِهَا ۖ قَالَ أَتَسْتَبْدِلُونَ الَّذِي هُوَ أَدْنَىٰ بِالَّذِي هُوَ خَيْرٌ ۚ اهْبِطُوا مِصْرًا فَإِنَّ لَكُمْ مَا سَأَلْتُمْ ۗ وَضُرِبَتْ عَلَيْهِمُ الذِّلَّةُ وَالْمَسْكَنَةُ وَبَاءُوا بِغَضَبٍ مِنَ اللَّهِ ۗ ذَٰلِكَ بِأَنَّهُمْ كَانُوا يَكْفُرُونَ بِآيَاتِ اللَّهِ وَيَقْتُلُونَ النَّبِيِّينَ بِغَيْرِ الْحَقِّ ۗ ذَٰلِكَ بِمَا عَصَوْا وَكَانُوا يَعْتَدُونَ আৰু যেতিয়া তোমালোকে কৈছিলা, ‘হে মুছা! আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম। এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা... তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উত্পাদন কৰে’। মুছাই ক’লে, ‘তোমালোকে উত্তম বস্তুৰ পৰিৱৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি? তেন্তে কোনো চহৰলৈ গুচি যোৱা, তাত তোমালোকে নিশ্চয় তোমালোকৰ বিচৰা বস্তু পাবা’ ; আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দাৰিদ্ৰ আপতিত হ’ল আৰু সিহঁত ...