Posts

Showing posts with the label ১৭:১-তথাকথিত হাদিসৰ মনেগঢ়া কাহিনীৰে কোৰআন ব্যাখ্যা:

১৭:১-তথাকথিত হাদিসৰ মনেগঢ়া কাহিনীৰে কোৰআন ব্যাখ্যা:

১৭:১-তথাকথিত হাদিসৰ মনেগঢ়া কাহিনীৰে কোৰআন ব্যাখ্যা: ১৭:১  سُبْحَانَ الَّذِي أَسْرَىٰ بِعَبْدِهِ لَيْلًا مِنَ الْمَسْجِدِ الْحَرَامِ إِلَى الْمَسْجِدِ الْأَقْصَى الَّذِي بَارَكْنَا حَوْلَهُ لِنُرِيَهُ مِنْ آيَاتِنَا ۚ إِنَّهُ هُوَ السَّمِيعُ الْبَصِيرُ পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছো, যাতে আমি তেওঁক আমাৰ নিদৰ্শন দেখুৱাব পাৰো; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। ১. ইয়াত আল্লাহ তা‘আলাই ইছৰা (ৰাতিৰ ভিতৰতে মক্কাৰ পৰা বাইতুল মাকদিছলৈ কৰা ভ্ৰমণ)ৰ কথা বৰ্ণনা কৰিছে আৰু মেৰাজৰ বৰ্ণনা ছুৰা নাজমত আহিছে। মছজিদে হাৰামৰ পৰা মছজিদে আক্বছালৈ কৰা ভ্ৰমণক ইছৰা বুলি কোৱা হয় আৰু মছজিদে আক্বছাৰ পৰা আকাশলৈ কৰা ভ্ৰমণক মেৰাজ বুলি কোৱা হয়। ইছৰা আৰু মেৰাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এটা ডাঙৰ মুজিযা বা অলৌকিকতা। মুজিযা কেৱল সেইটোকেই কোৱা হয় যিটো আল্লাহৰ ক্ষমতাৰ জৰিয়তে প্ৰকাশ পায়। নবীৰ কোনো ক্ষমতা ইয়াৰ অন্তৰ্ভুক্ত নহয়। সেয়ে ইয়াক আধ্যাত্মিক ভ্ৰমণ বা সপোন বুলি কোৱাটো একেবাৰে ভুল। তেখেতক (চাল্...