Posts

Showing posts with the label ref2:10-Hypocrites

ref2:10-Hypocrites

৯:১২৪-১২৫ وَإِذَا مَا أُنْزِلَتْ سُورَةٌ فَمِنْهُمْ مَنْ يَقُولُ أَيُّكُمْ زَادَتْهُ هَٰذِهِ إِيمَانًا ۚ فَأَمَّا الَّذِينَ آمَنُوا فَزَادَتْهُمْ إِيمَانًا وَهُمْ يَسْتَبْشِرُونَ আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এইটোৱে তোমালোকৰ মাজত কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে যিসকলে ঈমান আনিছে ই তেওঁলোকৰে ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়। ৯:১২৫ وَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ فَزَادَتْهُمْ رِجْسًا إِلَىٰ رِجْسِهِمْ وَمَاتُوا وَهُمْ كَافِرُونَ আৰু যিসকলৰ অন্তৰত ব্যাধি আছে, এইটো সিহঁতৰ কলুষৰ লগত আৰু কলুষযুক্ত কৰে; আৰু সিহঁতৰ মৃত্যু ঘটে কাফিৰ অৱস্থাত। . ৪৭:১৭ وَالَّذِينَ اهْتَدَوْا زَادَهُمْ هُدًى وَآتَاهُمْ تَقْوَاهُمْ আৰু যিসকলে হিদায়তপ্ৰাপ্ত হৈছে আল্লাহে তেওঁলোকৰ হিদায়ত আৰু বৃদ্ধি কৰি দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে। . ৯:১০১ وَمِمَّنْ حَوْلَكُمْ مِنَ الْأَعْرَابِ مُنَافِقُونَ ۖ وَمِنْ أَهْلِ الْمَدِينَةِ ۖ مَرَدُوا عَلَى النِّفَاقِ لَا تَعْلَمُهُمْ ۖ نَحْنُ نَعْلَمُهُمْ ۚ سَنُعَذِّبُهُمْ مَرَّتَيْنِ ثُمَّ يُرَدُّونَ إِلَىٰ عَذَابٍ عَظِيم...