৫৭:২৭-ইছলামত কোনো বৈৰাগ্যবাদ(Hermitism) আৰু ৰহস্যবাদৰ(mysticism) স্থান নাই।
৫৭:২৭-ইছলামত কোনো বৈৰাগ্যবাদ(Hermitism) আৰু ৰহস্যবাদৰ(mysticism) স্থান নাই। (Hermitism and mysticism of any description have no place in the Deen-Islam) .___________________. ৫৭:২৭ ثُمَّ قَفَّيْنَا عَلَىٰ آثَارِهِمْ بِرُسُلِنَا وَقَفَّيْنَا بِعِيسَى ابْنِ مَرْيَمَ وَآتَيْنَاهُ الْإِنْجِيلَ وَجَعَلْنَا فِي قُلُوبِ الَّذِينَ اتَّبَعُوهُ رَأْفَةً وَرَحْمَةً وَرَهْبَانِيَّةً ابْتَدَعُوهَا مَا كَتَبْنَاهَا عَلَيْهِمْ إِلَّا ابْتِغَاءَ رِضْوَانِ اللَّهِ فَمَا رَعَوْهَا حَقَّ رِعَايَتِهَا ۖ فَآتَيْنَا الَّذِينَ آمَنُوا مِنْهُمْ أَجْرَهُمْ ۖ وَكَثِيرٌ مِنْهُمْ فَاسِقُونَ ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলো আৰু মাৰয়াম পুত্ৰ ঈছাকো অনুগামী কৰিছিলো, আৰু তেওঁক আমি দিছিলো ইঞ্জিল* আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলো কৰুণা আৰু দয়া; আৰু বৈৰাগ্যবাদ(hermitism)—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল।** আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলো; অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ঈমান আনিছিল, সিহঁতক আমি সিহঁতৰ পুৰষ্কাৰ প্ৰদান...