ref10:31
ref10:31 ২৭:৬২ أَمَّنْ يُجِيبُ الْمُضْطَرَّ إِذَا دَعَاهُ وَيَكْشِفُ السُّوءَ وَيَجْعَلُكُمْ خُلَفَاءَ الْأَرْضِ ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ قَلِيلًا مَا تَذَكَّرُونَ বৰং তেওঁ, যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেওঁ বিপদ দূৰীভূত কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছে নে? বৰং তোমালোকে খুবেই কম শিক্ষা গ্ৰহণ কৰা। . ৬৭:২০-২১ أَمَّنْ هَٰذَا الَّذِي هُوَ جُنْدٌ لَكُمْ يَنْصُرُكُمْ مِنْ دُونِ الرَّحْمَٰنِ ۚ إِنِ الْكَافِرُونَ إِلَّا فِي غُرُورٍ পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সৈন্যবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত। ৬৭:২১ أَمَّنْ هَٰذَا الَّذِي يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُ ۚ بَلْ لَجُّوا فِي عُتُوٍّ وَنُفُورٍ কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত অবিচল হৈ আছে। . ৬৭:২৩ قُلْ هُوَ الَّذِي أَنْشَأَكُمْ وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۖ قَلِيلًا ...