Posts

Showing posts with the label 13:18-Verse/references

13:18-Verse/references

🆔১৩:১৮ لِلَّذِينَ اسْتَجَابُوا لِرَبِّهِمُ الْحُسْنَىٰ ۚ وَالَّذِينَ لَمْ يَسْتَجِيبُوا لَهُ لَوْ أَنَّ لَهُمْ مَا فِي الْأَرْضِ جَمِيعًا وَمِثْلَهُ مَعَهُ لَافْتَدَوْا بِهِ ۚ أُولَٰئِكَ لَهُمْ سُوءُ الْحِسَابِ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمِهَادُ যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, সিহঁতে যদি পৃথিৱীত যি আছে সেই সকলোবোৰৰ লগতে আৰু ইয়াৰ সমপৰিমাণ বস্তুৰ মালিক হৈ যায়, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা বাচিবলৈ) সিহঁতে সেই সকলোবোৰ মুক্তিপণস্বৰূপে🔖 দিবলৈ অৱশ্যে প্ৰস্তুত হ’ব। কিন্তু সিহঁতৰ হিচাব হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাস, আৰু সেয়া কিমান যে নিকৃষ্ট বিশ্ৰামস্থল! . 📍ref13:18 . ((৩:১৬৪, ৩:৮৫, ৩:৯১: لَقَدْ مَنَّ اللَّهُ عَلَى الْمُؤْمِنِينَ إِذْ بَعَثَ فِيهِمْ رَسُولًا مِنْ أَنْفُسِهِمْ يَتْلُو عَلَيْهِمْ آيَاتِهِ وَيُزَكِّيهِمْ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَإِنْ كَانُوا مِنْ قَبْلُ لَفِي ضَلَالٍ مُبِينٍ আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহ...