ref2:12(fasad)
ref2:12(fasad) 3:20, 5:79, 9:67, 24:21 . ৩:২০ فَإِنْ حَاجُّوكَ فَقُلْ أَسْلَمْتُ وَجْهِيَ لِلَّهِ وَمَنِ اتَّبَعَنِ ۗ وَقُلْ لِلَّذِينَ أُوتُوا الْكِتَابَ وَالْأُمِّيِّينَ أَأَسْلَمْتُمْ ۚ فَإِنْ أَسْلَمُوا فَقَدِ اهْتَدَوْا ۖ وَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْكَ الْبَلَاغُ ۗ وَاللَّهُ بَصِيرٌ بِالْعِبَادِ এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা। . ৫:৭৯ كَانُوا لَا يَتَنَاهَوْنَ عَنْ مُنْكَرٍ فَعَلُوهُ ۚ لَبِئْسَ مَا كَانُوا يَفْعَلُونَ সিহঁতে ইজনে সিজনক বেয়া কামৰ পৰা নিষেধ কৰা নাছিল, সিহঁতে যি কৰিছে সেয়া কিমান যে নিকৃষ্ট! . ৯:৬৭ الْمُنَافِقُونَ وَالْمُنَافِقَاتُ بَعْضُهُمْ مِنْ بَعْضٍ ۚ يَأْمُرُونَ بِالْمُنْكَرِ وَيَنْهَوْنَ عَنِ الْمَعْرُوفِ وَيَقْبِض...