references-16:39
references-16:39 . ১৬:৩৯ لِيُبَيِّنَ لَهُمُ الَّذِي يَخْتَلِفُونَ فِيهِ وَلِيَعْلَمَ الَّذِينَ كَفَرُوا أَنَّهُمْ كَانُوا كَاذِبِينَ (পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে, সেয়া সিহঁতৰ ওচৰত স্পষ্টভাৱে বৰ্ণনা কৰাৰ বাবে আৰু কাফিৰসকলক জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া। ⬇️⬇️⬇️ ৫৩:৩১ وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجْزِيَ الَّذِينَ أَسَاءُوا بِمَا عَمِلُوا وَيَجْزِيَ الَّذِينَ أَحْسَنُوا بِالْحُسْنَى আৰু আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। যাতে তেওঁ সিহঁতৰ কামৰ প্ৰতিফল দিব পাৰে যিসকলে বেয়া কাম কৰে আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে, ।।। ৫২:১৪-১৬ هَٰذِهِ النَّارُ الَّتِي كُنْتُمْ بِهَا تُكَذِّبُونَ ‘এইখনেই সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’। ৫২:১৫ أَفَسِحْرٌ هَٰذَا أَمْ أَنْتُمْ لَا تُبْصِرُونَ এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা! ৫২:১৬ اصْلَوْهَا فَاصْبِرُوا أَوْ لَا تَصْبِرُوا سَوَاءٌ عَلَيْكُمْ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোক...