ref9:101
ref9:101 . 47:30, 9:74, 26:112, 11:86, 9:55 . ৪৭:৩০ وَلَوْ نَشَاءُ لَأَرَيْنَاكَهُمْ فَلَعَرَفْتَهُمْ بِسِيمَاهُمْ ۚ وَلَتَعْرِفَنَّهُمْ فِي لَحْنِ الْقَوْلِ ۚ وَاللَّهُ يَعْلَمُ أَعْمَالَكُمْ আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে। . ৯:৭৪ يَحْلِفُونَ بِاللَّهِ مَا قَالُوا وَلَقَدْ قَالُوا كَلِمَةَ الْكُفْرِ وَكَفَرُوا بَعْدَ إِسْلَامِهِمْ وَهَمُّوا بِمَا لَمْ يَنَالُوا ۚ وَمَا نَقَمُوا إِلَّا أَنْ أَغْنَاهُمُ اللَّهُ وَرَسُولُهُ مِنْ فَضْلِهِ ۚ فَإِنْ يَتُوبُوا يَكُ خَيْرًا لَهُمْ ۖ وَإِنْ يَتَوَلَّوْا يُعَذِّبْهُمُ اللَّهُ عَذَابًا أَلِيمًا فِي الدُّنْيَا وَالْآخِرَةِ ۚ وَمَا لَهُمْ فِي الْأَرْضِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ সিহঁতে আল্লাহৰ শপত লৈ কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফৰী কৰিছে; সিহঁতে এনেকুৱা সংকল্প কৰিছিল যিটো সিহঁতে পোৱা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অ...