21:30-ref:21:33; 36:40, 79:30, 24:45,11:7

21:30-ref:
21:33; 36:40, 79:30, 24:45,11:7
২১:৩৩
وَهُوَ الَّذِي خَلَقَ اللَّيْلَ وَالنَّهَارَ وَالشَّمْسَ وَالْقَمَرَ ۖ كُلٌّ فِي فَلَكٍ يَسْبَحُونَ
আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।
.
৩৬:৪০
لَا الشَّمْسُ يَنْبَغِي لَهَا أَنْ تُدْرِكَ الْقَمَرَ وَلَا اللَّيْلُ سَابِقُ النَّهَارِ ۚ وَكُلٌّ فِي فَلَكٍ يَسْبَحُونَ
সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষে সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত সাঁতুৰি আছে।
.
৭৯:৩০
وَالْأَرْضَ بَعْدَ ذَٰلِكَ دَحَاهَا
তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।
.
২৪:৪৫
وَاللَّهُ خَلَقَ كُلَّ دَابَّةٍ مِنْ مَاءٍ ۖ فَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ بَطْنِهِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ رِجْلَيْنِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ أَرْبَعٍ ۚ يَخْلُقُ اللَّهُ مَا يَشَاءُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমানে পেটত ভৰ দি চুচৰি যায়, আন কিছুমানে দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমানে খোঁজকাঢ়ে চাৰি ঠেঙেৰে। আল্লাহে যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
১১:৭
وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ وَكَانَ عَرْشُهُ عَلَى الْمَاءِ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۗ وَلَئِنْ قُلْتَ إِنَّكُمْ مَبْعُوثُونَ مِنْ بَعْدِ الْمَوْتِ لَيَقُولَنَّ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত, তোমালোকৰ মাজত আমলত কোন শ্ৰেষ্ঠ সেয়া পৰীক্ষা কৰাৰ বাবে, আৰু তুমি যদি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া স্পষ্ট যাদু’।
..raf..

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran