আগ-কথাঃPart-279(18:83-95)

📗আগ-কথাঃPart-279(18:83-95)
📗 https://youtu.be/FSM_qXPtV8M
।।।
📗মিনি সূচিঃ
✴️আগ-কথাঃ
ইয়াত জুল-কাৰনাইনৰ গোটেই পৃথিৱীৰ
তিনিটা বৃহৎ অভিযানৰ কথা বৰ্ণিত হৈছে। 
১)১৮:৮৫-৮৬:(তেওঁ সূৰ্য অস্ত যোৱাৰ স্থানত উপস্থিত হ’ল)
২)১৮:৮৯-৯০(তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে)
৩)১৮:৯২-৯৩(অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত উপনীত হ’ল। এই অভিযানত 
 ইয়া’জুজ আৰু মা’জুজক যি পৃথিৱীত অশান্তি সৃষ্টি কৰি আছিল সিহঁতক তেতিয়াৰ দিনতেই উন্নতমানৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰে আল্লাহে দিয়া জ্ঞানেৰে লোৰ টিন আৰু তামেৰে এখন দেৱালেৰে বন্দী কৰি ৰাখিলে।
এইখন এনেকুৱা এখন শক্তিশালী দেৱাল যিখন ইয়া’জুজ আৰু মা’জুজে পাৰ হোৱা বা ফুটা কৰা অথবা ভাঙি পাৰ হৈ অহা অসম্ভৱ-১৮:৯৭। ই‌য়াক কেৱল আল্লাহে ভাঙিব পাৰিব-১৮:৯৮। কিন্তু তথাকথিত মিছা হাদিসবোৰে কোৰআনৰ বিপক্ষে কথাকৈ কোৰআনৰ মূল কথাৰ পৰা কিচ্ছা কাহিনীৰ পাছত দৌৰাই দিয়ে। 
চাওঁক:
✔️যাইনাব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উদ্বিগ্ন অৱস্থাত “লা ইলা-হা ইল্লাল্লাহ’ কওঁতে কওঁতে মোৰ গৃহত প্রৱেশ কৰিলে আৰু ক’লেঃ “আক্ষেপ! যিটো বস্তুৰ ভিতৰত আৰবৰ বাবে অকল্যাণ আছে সেইটো অতি সন্নিকট”। তেখেতে নিজৰ বৃদ্ধাঙুলি আৰু অনামিকা আঙুলিৰে গোলাকৃতি কৰি তাৰ ফালে ইংগিত কৰি ক’লেঃ “আজি ইয়াজূজ আৰু মাজূজৰ দেৱাল এই পৰিমাণ ছিদ্ৰ হৈছে”। যাইনাব বিন্তে জাহাশ্বে কৈছেঃ মই ক’লো, ‘হে আল্লাহৰ ৰাছুল! আমাৰ মাজত সৎ লোক থকা সত্বেও আমি ধ্বংস হৈ যাম নেকি’? উত্তৰত তেখেতে ক’লেঃ “হয়, যেতিয়া পাপকৰ্ম বৃদ্ধি পাব”। (ছহীহ বুখাৰী, কিতাবুল ফিতান, পৰিচ্ছেদঃ ২৮, হাদীছ নং ৭১৩৫)।
।।।।
আল্লাহে কোৰআনৰ মূল তত্ববোৰ বিভিন্ন উপমা, ঐতিহাসিক সচাঁ ঘটনা আদি বিভিন্ন ধৰণেৰে মানুহক বুজাবলৈ চেষ্টা কৰে যাতে শেষ বিচাৰৰ সম‌য়ত বিপদত নপৰে। 
২১:৯৬-৯৭
حَتَّىٰ إِذَا فُتِحَتْ يَأْجُوجُ وَمَأْجُوجُ وَهُمْ مِنْ كُلِّ حَدَبٍ يَنْسِلُونَ
অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।
২১:৯৭
وَاقْتَرَبَ الْوَعْدُ الْحَقُّ فَإِذَا هِيَ شَاخِصَةٌ أَبْصَارُ الَّذِينَ كَفَرُوا يَا وَيْلَنَا قَدْ كُنَّا فِي غَفْلَةٍ مِنْ هَٰذَا بَلْ كُنَّا ظَالِمِينَ
আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় এই বিষয়ে আমি উদাসীন আছিলোঁ; বৰং আমি আছিলো যালিম’।
।।।ৰফ।।।

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran