ref10:10(Salam)

ref10:10(Salam)
.
৩৩:৪৪
تَحِيَّتُهُمْ يَوْمَ يَلْقَوْنَهُ سَلَامٌ ۚ وَأَعَدَّ لَهُمْ أَجْرًا كَرِيمًا
যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাত কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰিছে সন্মানজনক প্ৰতিদান।
.
৫৬:২৫-২৬
لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا تَأْثِيمًا
তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপকৰ্মমূলক বাক্য শুনিবলৈ নাপাব,
৫৬:২৬
إِلَّا قِيلًا سَلَامًا سَلَامًا
শুনিব কেৱল ছালাম আৰু ছালাম।
.
৩৬:৫৮
سَلَامٌ قَوْلًا مِنْ رَبٍّ رَحِيمٍ
অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।
.
১৩:২৩-২৪
جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ
স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,
১৩:২৪
سَلَامٌ عَلَيْكُمْ بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى الدَّارِ
আৰু আহি ক’ব, ‘শান্তি তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!
.
১৮:১
 الْحَمْدُ لِلَّهِ الَّذِي أَنْزَلَ عَلَىٰ عَبْدِهِ الْكِتَابَ وَلَمْ يَجْعَلْ لَهُ عِوَجًا ۜ
যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই,
.
৬:১
 الْحَمْدُ لِلَّهِ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَجَعَلَ الظُّلُمَاتِ وَالنُّورَ ۖ ثُمَّ الَّذِينَ كَفَرُوا بِرَبِّهِمْ يَعْدِلُونَ
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু পোহৰ। ইয়াৰ পিছতো কাফিৰসকলে নিজ প্ৰতিপালকৰ সমতুল্য স্থিৰ কৰে।
...raf...

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran