translation

(3:144, 56:60) (7:34, 10:49, 13:38). 
.
৩:১৪৪
وَمَا مُحَمَّدٌ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ۚ أَفَإِنْ مَاتَ أَوْ قُتِلَ انْقَلَبْتُمْ عَلَىٰ أَعْقَابِكُمْ ۚ وَمَنْ يَنْقَلِبْ عَلَىٰ عَقِبَيْهِ فَلَنْ يَضُرَّ اللَّهَ شَيْئًا ۗ وَسَيَجْزِي اللَّهُ الشَّاكِرِينَ
আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব।
.
৫৬:৬০
نَحْنُ قَدَّرْنَا بَيْنَكُمُ الْمَوْتَ وَمَا نَحْنُ بِمَسْبُوقِينَ
আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ--
.
৭:৩৪
وَلِكُلِّ أُمَّةٍ أَجَلٌ ۖ فَإِذَا جَاءَ أَجَلُهُمْ لَا يَسْتَأْخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ
আৰু প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহিব তেতিয়া সিহঁতে এক পল পলম কৰিব নোৱাৰিব আৰু এটা মুহূৰ্তও আগুৱাই আনিব নোৱাৰিব।
.
১০:৪৯
قُلْ لَا أَمْلِكُ لِنَفْسِي ضَرًّا وَلَا نَفْعًا إِلَّا مَا شَاءَ اللَّهُ ۗ لِكُلِّ أُمَّةٍ أَجَلٌ ۚ إِذَا جَاءَ أَجَلُهُمْ فَلَا يَسْتَأْخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই এটা নিৰ্দিষ্ট সময় আছে; যেতিয়া সিহঁতৰ সময় আহিব তেতিয়া সিহঁতে মুহুৰ্ত্তকালো পিছুৱাব বা আগুৱাব নোৱাৰিব’।
.
১৩:৩৮
وَلَقَدْ أَرْسَلْنَا رُسُلًا مِنْ قَبْلِكَ وَجَعَلْنَا لَهُمْ أَزْوَاجًا وَذُرِّيَّةً ۚ وَمَا كَانَ لِرَسُولٍ أَنْ يَأْتِيَ بِآيَةٍ إِلَّا بِإِذْنِ اللَّهِ ۗ لِكُلِّ أَجَلٍ كِتَابٌ
আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহু ৰাছুল প্ৰেৰণ কৰিছিলো আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলো। আল্লাহৰ অনুমতি অবিহনে কোনো নিদৰ্শন উপস্থিত কৰা কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।
....ooo..compd..raf..

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran