Before death all will see their past deeds.
Before death ৬২:৮(Al Jumuah) قُلْ إِنَّ الْمَوْتَ الَّذِي تَفِرُّونَ مِنْهُ فَإِنَّهُ مُلَاقِيكُمْ ۖ ثُمَّ تُرَدُّونَ إِلَىٰ عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাৱৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব যি তোমালোকে আমল কৰিছিলা। . ৫০:২১-২৩(Qaf) وَجَاءَتْ كُلُّ نَفْسٍ مَعَهَا سَائِقٌ وَشَهِيدٌ আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী। ৫০:২২ لَقَدْ كُنْتَ فِي غَفْلَةٍ مِنْ هَٰذَا فَكَشَفْنَا عَنْكَ غِطَاءَكَ فَبَصَرُكَ الْيَوْمَ حَدِيدٌ অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ। ৫০:২৩ وَقَالَ قَرِينُهُ هَٰذَا مَا لَدَيَّ عَتِيدٌ আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত। . ৩:৩০(Ali Imran) يَوْمَ تَجِدُ كُلُّ نَفْسٍ مَا عَمِلَتْ مِنْ خَيْرٍ مُحْضَرًا وَمَا عَمِلَت...