Ref.verse-4:128 translation
2:228, 4:3, 4:19, 4:35, 4:128, 33:49, 58:1, 65:1. . ২:২২৮ وَالْمُطَلَّقَاتُ يَتَرَبَّصْنَ بِأَنْفُسِهِنَّ ثَلَاثَةَ قُرُوءٍ ۚ وَلَا يَحِلُّ لَهُنَّ أَنْ يَكْتُمْنَ مَا خَلَقَ اللَّهُ فِي أَرْحَامِهِنَّ إِنْ كُنَّ يُؤْمِنَّ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ وَبُعُولَتُهُنَّ أَحَقُّ بِرَدِّهِنَّ فِي ذَٰلِكَ إِنْ أَرَادُوا إِصْلَاحًا ۚ وَلَهُنَّ مِثْلُ الَّذِي عَلَيْهِنَّ بِالْمَعْرُوفِ ۚ وَلِلرِّجَالِ عَلَيْهِنَّ دَرَجَةٌ ۗ وَاللَّهُ عَزِيزٌ حَكِيمٌ আৰু তালাক্বপ্ৰাপ্তা স্ত্ৰীসকলে তিনি কুৰূ লৈকে অপেক্ষাত থাকিব, আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান ৰাখে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়; আৰু যদি সিহঁতে সংশোধন বিচাৰে তেন্তে এই বিষয়ে পুনৰ গ্ৰহণৰ বেছি হকদাৰ সিহঁতৰ স্বামীৰ; আৰু নাৰীসকলৰ তেনেকৈ ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; আৰু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা আছে; আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়। . ৪:৩ وَإِنْ خِفْتُمْ أَلَّا تُقْسِطُوا فِي الْيَتَامَىٰ فَانْكِحُوا مَا طَابَ لَكُمْ مِنَ النِّسَاءِ مَثْنَىٰ وَث...