22:41-ref:5:44-47
22:41-ref:5:44-47 ৫:৪৪ إِنَّا أَنْزَلْنَا التَّوْرَاةَ فِيهَا هُدًى وَنُورٌ ۚ يَحْكُمُ بِهَا النَّبِيُّونَ الَّذِينَ أَسْلَمُوا لِلَّذِينَ هَادُوا وَالرَّبَّانِيُّونَ وَالْأَحْبَارُ بِمَا اسْتُحْفِظُوا مِنْ كِتَابِ اللَّهِ وَكَانُوا عَلَيْهِ شُهَدَاءَ ۚ فَلَا تَخْشَوُا النَّاسَ وَاخْشَوْنِ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا ۚ وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলো, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদীসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ ওপৰত সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ। . ৫:৪৫ وَكَتَبْنَا عَلَيْهِمْ فِيهَا أَنَّ النَّفْسَ بِالنَّفْسِ وَالْعَيْنَ بِالْعَيْنِ وَالْأَنْفَ بِالْأَنْفِ وَالْأُذُنَ بِالْأُذُنِ وَالسِّنَّ بِالسّ...