25:16-ref:37:62-70
25:16 ref:37:62-70 ৩৭:৬২ أَذَٰلِكَ خَيْرٌ نُزُلًا أَمْ شَجَرَةُ الزَّقُّومِ (কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম? . ৩৭:৬৩ إِنَّا جَعَلْنَاهَا فِتْنَةً لِلظَّالِمِينَ নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপে সৃষ্টি কৰিছোঁ, . ৩৭:৬৪ إِنَّهَا شَجَرَةٌ تَخْرُجُ فِي أَصْلِ الْجَحِيمِ এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা, . ৩৭:৬৫ طَلْعُهَا كَأَنَّهُ رُءُوسُ الشَّيَاطِينِ ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ, . ৩৭:৬৬ فَإِنَّهُمْ لَآكِلُونَ مِنْهَا فَمَالِئُونَ مِنْهَا الْبُطُونَ নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব। . ৩৭:৬৭ ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًا مِنْ حَمِيمٍ ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ। . ৩৭:৬৮ ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى الْجَحِيمِ তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে। . ৩৭:৬৯ إِنَّهُمْ أَلْفَوْا آبَاءَهُمْ ضَالِّينَ নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পাইছিল পথভ্ৰষ্ট, . ৩৭:৭০ فَهُمْ عَلَىٰ آثَارِهِمْ يُهْرَعُونَ তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত দ্ৰুত গতি কৰিছিল। ...