Posts

Showing posts with the label ref13:33(7:71

ref13:33(7:71, 12:40, 53:23, 10:18)

7:71, 12:40, 53:23, 10:18. ৭:৭১ قَالَ قَدْ وَقَعَ عَلَيْكُمْ مِنْ رَبِّكُمْ رِجْسٌ وَغَضَبٌ ۖ أَتُجَادِلُونَنِي فِي أَسْمَاءٍ سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا نَزَّلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ فَانْتَظِرُوا إِنِّي مَعَكُمْ مِنَ الْمُنْتَظِرِينَ তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনে কিছুমান নাম সম্বন্ধে যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো। . ১২:৪০ مَا تَعْبُدُونَ مِنْ دُونِهِ إِلَّا أَسْمَاءً سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا أَنْزَلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۚ أَمَرَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ ۚ ذَٰلِكَ الدِّينُ الْقَيِّمُ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ ‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ...