Posts

Showing posts with the label কোৰআন-২১:৩০নং আ‌য়াটোত নষ্টালজিয়াত বুৰ গ'লো।

কোৰআন-২১:৩০নং আ‌য়াটোত নষ্টালজিয়াত বুৰ গ'লো।

কোৰআন-২১:৩০নং আ‌য়াটোত নষ্টালজিয়াত বুৰ গ'লো। ।।। ➡️টোকা: ২০১১ত লিখা ভাৱধাৰাৰ ২০২২ৰ আজিৰ পাৰ্থক্য মন কৰিব। তেতিয়া বিজ্ঞানৰ বাবে কোৰআনৰ উদাহৰণ লৈছিলো; কিন্তু আজি বুজিছো কথাটো সম্পূৰ্ণ ওলোটা, অৰ্থাৎ কোৰআনত কেৱল আল্লাহৰ বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ ওপৰত নিৰপেক্ষ সাৰ্বভৌমত্বৰ অধিকাৰৰ কথা কৈছে, যত আল্লাহৰ একত্বৰ লগত যিকোনো শিৰ্কেই বিপদজনক। গতিকেই ২১:৩০ত "যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়কে পৃথক কৰি দিলো;..." প্ৰথমেই ধমকি এটা দি বিগ-বেঙৰ উদাহৰণ দাঙি ধৰিছে।। ।।। ➡️তলৰ প্ৰৱন্ধটো ২০১১ত লিখা যদিও, ই‌‌য়াৰ ভাৱ ক্লাছ এইট/নাইন মানতে(১৯৬৮/৬৯)। তেতিয়া ডি,আৰ কলেজৰ এখন চেমিনাৰত বিজ্ঞানৰ ছাত্ৰসকলক স্কুলৰ পৰা পঠাইছিল। বিষয়ঃ অণু/পৰমানু। লেবৰতৰিত কেনেকৈ ইলেক্ট্ৰন নিউট্ৰন প্ৰটন চলাফিৰা কৰে দেখুৱাইছিল। এই গোটেই ঘটনাতো সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ ঘূৰণ প্ৰক্ৰিয়াৰ লগত ৰিজনি দি বুজাইছিল। সেইকথা আজি ৬৬ বছৰ বয়সটো মনত আছে। মবাইল হাতত পৰাৰ পাছতেই ডাঃ জাকিৰ নায়কৰ কোৰআন ভিত্তিত বিজ্ঞানৰ ভিডিঅ' চাই তেওঁৰ ফেনহৈ পৰিলো। এনে এক সন্ধিক...