35:37-Ap-refs
35:37-Ap-refs: ৪০:১১-১২ قَالُوا رَبَّنَا أَمَتَّنَا اثْنَتَيْنِ وَأَحْيَيْتَنَا اثْنَتَيْنِ فَاعْتَرَفْنَا بِذُنُوبِنَا فَهَلْ إِلَىٰ خُرُوجٍ مِنْ سَبِيلٍ সিহঁতে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক দুবাৰ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছো। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’? ৪০:১২ ذَٰلِكُمْ بِأَنَّهُ إِذَا دُعِيَ اللَّهُ وَحْدَهُ كَفَرْتُمْ ۖ وَإِنْ يُشْرَكْ بِهِ تُؤْمِنُوا ۚ فَالْحُكْمُ لِلَّهِ الْعَلِيِّ الْكَبِيرِ (সিহঁতক কোৱা হ’ব) ‘এইটো এইবাবে যে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’। . ৫৩:৫৬ هَٰذَا نَذِيرٌ مِنَ النُّذُرِ الْأُولَىٰ অতীতত সতৰ্ককাৰীসকলৰ দৰেই এই নবীও এজন সতৰ্ককাৰী। . ৪৩:৭৭-৭৮ وَنَادَوْا يَا مَالِكُ لِيَقْضِ عَلَيْنَا رَبُّكَ ۖ قَالَ إِنَّكُمْ مَاكِثُونَ সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক! তোমাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোম...