34:34-Ap-refs:
২৬:১১০ فَاتَّقُوا اللَّهَ وَأَطِيعُونِ ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।’ . ১১:২৭ فَقَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ مَا نَرَاكَ إِلَّا بَشَرًا مِثْلَنَا وَمَا نَرَاكَ اتَّبَعَكَ إِلَّا الَّذِينَ هُمْ أَرَاذِلُنَا بَادِيَ الرَّأْيِ وَمَا نَرَىٰ لَكُمْ عَلَيْنَا مِنْ فَضْلٍ بَلْ نَظُنُّكُمْ كَاذِبِينَ তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’। . ৭:৭৫-৭৬ قَالَ الْمَلَأُ الَّذِينَ اسْتَكْبَرُوا مِنْ قَوْمِهِ لِلَّذِينَ اسْتُضْعِفُوا لِمَنْ آمَنَ مِنْهُمْ أَتَعْلَمُونَ أَنَّ صَالِحًا مُرْسَلٌ مِنْ رَبِّهِ ۚ قَالُوا إِنَّا بِمَا أُرْسِلَ بِهِ مُؤْمِنُونَ তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালক...