ref13:10
ref13:10 . ২০:৭ وَإِنْ تَجْهَرْ بِالْقَوْلِ فَإِنَّهُ يَعْلَمُ السِّرَّ وَأَخْفَى আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অতি গোপন সকলো বিষয়ে জানে। . ৫৮:১ قَدْ سَمِعَ اللَّهُ قَوْلَ الَّتِي تُجَادِلُكَ فِي زَوْجِهَا وَتَشْتَكِي إِلَى اللَّهِ وَاللَّهُ يَسْمَعُ تَحَاوُرَكُمَا ۚ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। . ১১:৫ أَلَا إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত। (See verse...