73:20-Night Duty
(টোকা: মন কৰিব তলৰ আয়াতবোৰত প্ৰচলিত নামাজৰ কথা অহা নাই। কিন্তু দেখা যায় আমাৰ ঘৰে ঘৰে থকা অসমীয়া কোৰআন অনুবাদ কিতাপৰ টোকাত তাহাজ্জুদ, চুজুদ/চিজদাহ শব্দৰ পাছত নামজটো ফিটিং কৰি দিয়ে। এই গোটেই বিলাক আয়াতত ৰাতি কোৰআন অধ্যয়ন ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এনেই এবাৰ ভাৱকচোন, নামাজত কিহৰ বিষয়ে পঢ়িছে, কি পঢ়িছে তাক নজনাকৈ উঠা বহা কৰি কি লাভ? আৰু এই ছালাত কেৱল নবী মহম্মদৰ (আ:ছা:) পৰা আৰম্ভ হোৱ নাই আদি কালৰ পৰাই ছালাত আছিল। এই ছালাত বা ছালাত প্ৰতিষ্ঠা কৰা আল্লাহৰ চুন্নত, ইয়াৰ পৰিৱৰ্তন নাই।) ।।। 73:20-Night Duty: - 17:79 / 39:9 / 76:26 / 50:40) (১৭:৭৯ وَمِنَ اللَّيْلِ فَتَهَجَّدْ بِهِ نَافِلَةً لَكَ عَسَىٰ أَنْ يَبْعَثَكَ رَبُّكَ مَقَامًا مَحْمُودًا আৰু ৰাতিৰ কিছু অংশত তাহাজ্জুদ আদায় কৰা, এইটো তোমাৰ বাবে অতিৰিক্ত। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব (মাক্বামে মাহমূদত) প্ৰশংসিত স্থানত। . ৩৯:৯ أَمَّنْ هُوَ قَانِتٌ آنَاءَ اللَّيْلِ سَاجِدًا وَقَائِمًا يَحْذَرُ الْآخِرَةَ وَيَرْجُو رَحْمَةَ رَبِّهِ ۗ قُلْ هَلْ يَسْتَوِي الَّذِينَ يَعْلَمُونَ وَالَّذِينَ لَا يَعْلَمُونَ ...