ref10:10(Salam)
ref10:10(Salam) . ৩৩:৪৪ تَحِيَّتُهُمْ يَوْمَ يَلْقَوْنَهُ سَلَامٌ ۚ وَأَعَدَّ لَهُمْ أَجْرًا كَرِيمًا যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাত কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰিছে সন্মানজনক প্ৰতিদান। . ৫৬:২৫-২৬ لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا تَأْثِيمًا তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপকৰ্মমূলক বাক্য শুনিবলৈ নাপাব, ৫৬:২৬ إِلَّا قِيلًا سَلَامًا سَلَامًا শুনিব কেৱল ছালাম আৰু ছালাম। . ৩৬:৫৮ سَلَامٌ قَوْلًا مِنْ رَبٍّ رَحِيمٍ অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)। . ১৩:২৩-২৪ جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে, ১৩:২৪ سَلَامٌ عَلَيْكُمْ بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى الدَّارِ আৰু...