refs.S'ayam -sl-10

২:১৯৬
وَأَتِمُّوا الْحَجَّ وَالْعُمْرَةَ لِلَّهِ ۚ فَإِنْ أُحْصِرْتُمْ فَمَا اسْتَيْسَرَ مِنَ الْهَدْيِ ۖ وَلَا تَحْلِقُوا رُءُوسَكُمْ حَتَّىٰ يَبْلُغَ الْهَدْيُ مَحِلَّهُ ۚ فَمَنْ كَانَ مِنْكُمْ مَرِيضًا أَوْ بِهِ أَذًى مِنْ رَأْسِهِ فَفِدْيَةٌ مِنْ صِيَامٍ أَوْ صَدَقَةٍ أَوْ نُسُكٍ ۚ فَإِذَا أَمِنْتُمْ فَمَنْ تَمَتَّعَ بِالْعُمْرَةِ إِلَى الْحَجِّ فَمَا اسْتَيْسَرَ مِنَ الْهَدْيِ ۚ فَمَنْ لَمْ يَجِدْ فَصِيَامُ ثَلَاثَةِ أَيَّامٍ فِي الْحَجِّ وَسَبْعَةٍ إِذَا رَجَعْتُمْ ۗ تِلْكَ عَشَرَةٌ كَامِلَةٌ ۗ ذَٰلِكَ لِمَنْ لَمْ يَكُنْ أَهْلُهُ حَاضِرِي الْمَسْجِدِ الْحَرَامِ ۚ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ شَدِيدُ الْعِقَابِ
আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই পূৰ্ণ কৰা। এতেকে যদি তোমালোকে বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ`য়ি প্ৰদান কৰা, আৰু হাদ`য়ি তাৰ নিৰ্দিষ্ট স্থানত নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ`য়ি জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই পূৰ্ণ দহ দিন তাৰ ✔️ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল তাৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
.
৪:৯২
وَمَا كَانَ لِمُؤْمِنٍ أَنْ يَقْتُلَ مُؤْمِنًا إِلَّا خَطَأً ۚ وَمَنْ قَتَلَ مُؤْمِنًا خَطَأً فَتَحْرِيرُ رَقَبَةٍ مُؤْمِنَةٍ وَدِيَةٌ مُسَلَّمَةٌ إِلَىٰ أَهْلِهِ إِلَّا أَنْ يَصَّدَّقُوا ۚ فَإِنْ كَانَ مِنْ قَوْمٍ عَدُوٍّ لَكُمْ وَهُوَ مُؤْمِنٌ فَتَحْرِيرُ رَقَبَةٍ مُؤْمِنَةٍ ۖ وَإِنْ كَانَ مِنْ قَوْمٍ بَيْنَكُمْ وَبَيْنَهُمْ مِيثَاقٌ فَدِيَةٌ مُسَلَّمَةٌ إِلَىٰ أَهْلِهِ وَتَحْرِيرُ رَقَبَةٍ مُؤْمِنَةٍ ۖ فَمَنْ لَمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ تَوْبَةً مِنَ اللَّهِ ۗ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا
কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেইটো সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিছে তেন্তে তাৰ বাবে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য। যিয়ে সঙ্গতিহীন সি একাদিক্ৰমে দুমাহ ✔️ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
৫:৮৯
لَا يُؤَاخِذُكُمُ اللَّهُ بِاللَّغْوِ فِي أَيْمَانِكُمْ وَلَٰكِنْ يُؤَاخِذُكُمْ بِمَا عَقَّدْتُمُ الْأَيْمَانَ ۖ فَكَفَّارَتُهُ إِطْعَامُ عَشَرَةِ مَسَاكِينَ مِنْ أَوْسَطِ مَا تُطْعِمُونَ أَهْلِيكُمْ أَوْ كِسْوَتُهُمْ أَوْ تَحْرِيرُ رَقَبَةٍ ۖ فَمَنْ لَمْ يَجِدْ فَصِيَامُ ثَلَاثَةِ أَيَّامٍ ۚ ذَٰلِكَ كَفَّارَةُ أَيْمَانِكُمْ إِذَا حَلَفْتُمْ ۚ وَاحْفَظُوا أَيْمَانَكُمْ ۚ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ لَعَلَّكُمْ تَشْكُرُونَ
তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দোষ নধৰিব, কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে, দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা যিবোৰ তোমালোকে নিজ পৰিয়ালত খোৱা, অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ✔️ছিয়াম পালন কৰিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
.
৫:৯৫
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَقْتُلُوا الصَّيْدَ وَأَنْتُمْ حُرُمٌ ۚ وَمَنْ قَتَلَهُ مِنْكُمْ مُتَعَمِّدًا فَجَزَاءٌ مِثْلُ مَا قَتَلَ مِنَ النَّعَمِ يَحْكُمُ بِهِ ذَوَا عَدْلٍ مِنْكُمْ هَدْيًا بَالِغَ الْكَعْبَةِ أَوْ كَفَّارَةٌ طَعَامُ مَسَاكِينَ أَوْ عَدْلُ ذَٰلِكَ صِيَامًا لِيَذُوقَ وَبَالَ أَمْرِهِ ۗ عَفَا اللَّهُ عَمَّا سَلَفَ ۚ وَمَنْ عَادَ فَيَنْتَقِمُ اللَّهُ مِنْهُ ۗ وَاللَّهُ عَزِيزٌ ذُو انْتِقَامٍ
হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু) হত্যা নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ✔️ছিয়াম পালন কৰা, যাতে সি নিজ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি সেয়া আকৌ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
.
৫৮:৪
فَمَنْ لَمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ مِنْ قَبْلِ أَنْ يَتَمَاسَّا ۖ فَمَنْ لَمْ يَسْتَطِعْ فَإِطْعَامُ سِتِّينَ مِسْكِينًا ۚ ذَٰلِكَ لِتُؤْمِنُوا بِاللَّهِ وَرَسُولِهِ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۗ وَلِلْكَافِرِينَ عَذَابٌ أَلِيمٌ
কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ✔️ছিয়াম পালন কৰিব লাগিব;আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব;এই বিধান এই বাবে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
Arranged by syedraf 

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.