Before death all will see their past deeds.

Before death 
৬২:৮(Al Jumuah)
قُلْ إِنَّ الْمَوْتَ الَّذِي تَفِرُّونَ مِنْهُ فَإِنَّهُ مُلَاقِيكُمْ ۖ ثُمَّ تُرَدُّونَ إِلَىٰ عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাৱৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব যি তোমালোকে আমল কৰিছিলা।
.
৫০:২১-২৩(Qaf)
وَجَاءَتْ كُلُّ نَفْسٍ مَعَهَا سَائِقٌ وَشَهِيدٌ
আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।
৫০:২২
لَقَدْ كُنْتَ فِي غَفْلَةٍ مِنْ هَٰذَا فَكَشَفْنَا عَنْكَ غِطَاءَكَ فَبَصَرُكَ الْيَوْمَ حَدِيدٌ
অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।
৫০:২৩
وَقَالَ قَرِينُهُ هَٰذَا مَا لَدَيَّ عَتِيدٌ
আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত।
.
৩:৩০(Ali Imran)
يَوْمَ تَجِدُ كُلُّ نَفْسٍ مَا عَمِلَتْ مِنْ خَيْرٍ مُحْضَرًا وَمَا عَمِلَتْ مِنْ سُوءٍ تَوَدُّ لَوْ أَنَّ بَيْنَهَا وَبَيْنَهُ أَمَدًا بَعِيدًا ۗ وَيُحَذِّرُكُمُ اللَّهُ نَفْسَهُ ۗ وَاللَّهُ رَءُوفٌ بِالْعِبَادِ
সেইদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব, সেইদিনা সি কামনা কৰিব- যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ’লেহেতেন! আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে; আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল।
.
Assamese Decoding Quran 

Comments

Popular posts from this blog

2:6-Note

War and Peace

3:158