78:20:Refs:(On the Day of Resurrection-পৰ্বতসমূহক চালিত কৰা হ’ব)
78:20:Ap-refs: (On the Day of Resurrection).
৭৮:২০
وَسُيِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا
আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।
Refs:27:88, 101:5, 20:105-107, 18:47:
._________________.
২৭:৮৮
وَتَرَى الْجِبَالَ تَحْسَبُهَا جَامِدَةً وَهِيَ تَمُرُّ مَرَّ السَّحَابِ ۚ صُنْعَ اللَّهِ الَّذِي أَتْقَنَ كُلَّ شَيْءٍ ۚ إِنَّهُ خَبِيرٌ بِمَا تَفْعَلُونَ
আৰু তুমি যিবোৰ পাহাৰ-পৰ্বত দেখি আছা, ভাৱিছা এইবোৰ অচল, অথচ এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।
.
১০১:৫
وَتَكُونُ الْجِبَالُ كَالْعِهْنِ الْمَنْفُوشِ
আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।
.
২০:১০৫-১০৭
وَيَسْأَلُونَكَ عَنِ الْجِبَالِ فَقُلْ يَنْسِفُهَا رَبِّي نَسْفًا
আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।
২০:১০৬
فَيَذَرُهَا قَاعًا صَفْصَفًا
‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,
২০:১০৭
لَا تَرَىٰ فِيهَا عِوَجًا وَلَا أَمْتًا
‘য’ত তুমি খলা-বমা দেখা নাপাবা’।
(কোৰআনৰ অন্তিম তত্ত্বত "পৃথিৱীৰ অন্ত" য়ে ভৌতিক বিশ্বব্ৰহ্মাণ্ডৰ বিলুপ্তি অৰ্থাৎ শূন্যতালৈ হ্ৰাস পোৱাৰ ইংগিত নিদিয়ে বৰঞ্চ ইয়াৰ মৌলিক, বিপৰ্যয়জনক ৰূপান্তৰক এনেকুৱা এটালৈ ৰূপান্তৰিত কৰাহে বুজায় যিটো মানুহে এতিয়া কল্পনা কৰিব নোৱাৰে। এইটো শেষ দিনৰ বহুতো ৰূপক ইংগিতত উন্মোচন কৰা হৈছে, যেনে, ১৪:৪৮ পদত, যিয়ে "যিদিনা পৃথিৱীখন আন এখন পৃথিৱীলৈ পৰিৱৰ্তিত হ'ব, যেনেকৈ আকাশ(বেহেস্ত) হ'ব" সেই দিনটোৰ বিষয়ে কোৱা হৈছে।)
(find 20:105-107 in the link:
.
১৮:৪৭
وَيَوْمَ نُسَيِّرُ الْجِبَالَ وَتَرَى الْأَرْضَ بَارِزَةً وَحَشَرْنَاهُمْ فَلَمْ نُغَادِرْ مِنْهُمْ أَحَدًا
আৰু স্মৰণ কৰা, যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবা, আৰু আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।
(find 18:47 in the link:
__________________
Pz-refs: 56:5; 77:10; 81:3
৫৬:৫
وَبُسَّتِ الْجِبَالُ بَسًّا
আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
.
৭৭:১০
وَإِذَا الْجِبَالُ نُسِفَتْ
আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব,
.
৮১:৩
وَإِذَا الْجِبَالُ سُيِّرَتْ
পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,
.
arranged syedraf
Comments
Post a Comment