ref16:84(On The Day of Resurrection)

ref16:84(On The Day of Resurrection)
4:41, 16:77, 16:89, 41:24 and 77:35
৪:৪১
فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ وَجِئْنَا بِكَ عَلَىٰ هَٰؤُلَاءِ شَهِيدًا
এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী উপস্থিত কৰাম আৰু তোমাক সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰাম তেতিয়া কি অৱস্থা হ’ব?
.
১৬:৭৭
وَلِلَّهِ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَمَا أَمْرُ السَّاعَةِ إِلَّا كَلَمْحِ الْبَصَرِ أَوْ هُوَ أَقْرَبُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
১৬:৮৯
وَيَوْمَ نَبْعَثُ فِي كُلِّ أُمَّةٍ شَهِيدًا عَلَيْهِمْ مِنْ أَنْفُسِهِمْ ۖ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَٰؤُلَاءِ ۚ وَنَزَّلْنَا عَلَيْكَ الْكِتَابَ تِبْيَانًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَىٰ لِلْمُسْلِمِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ।
.
৪১:২৪
فَإِنْ يَصْبِرُوا فَالنَّارُ مَثْوًى لَهُمْ ۖ وَإِنْ يَسْتَعْتِبُوا فَمَا هُمْ مِنَ الْمُعْتَبِينَ
এতিয়া যদি সিহঁতে ধৈৰ্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস। আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।
...
৭৭:৩৫
هَٰذَا يَوْمُ لَا يَنْطِقُونَ
এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,
...

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158