১৭:১-তথাকথিত হাদিসৰ মনেগঢ়া কাহিনীৰে কোৰআন ব্যাখ্যা:
১৭:১-তথাকথিত হাদিসৰ মনেগঢ়া কাহিনীৰে কোৰআন ব্যাখ্যা:
১৭:১
سُبْحَانَ الَّذِي أَسْرَىٰ بِعَبْدِهِ لَيْلًا مِنَ الْمَسْجِدِ الْحَرَامِ إِلَى الْمَسْجِدِ الْأَقْصَى الَّذِي بَارَكْنَا حَوْلَهُ لِنُرِيَهُ مِنْ آيَاتِنَا ۚ إِنَّهُ هُوَ السَّمِيعُ الْبَصِيرُ
পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, আল-মাছজিদুল হাৰামৰ পৰা আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছো, যাতে আমি তেওঁক আমাৰ নিদৰ্শন দেখুৱাব পাৰো; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
১. ইয়াত আল্লাহ তা‘আলাই ইছৰা (ৰাতিৰ ভিতৰতে মক্কাৰ পৰা বাইতুল মাকদিছলৈ কৰা ভ্ৰমণ)ৰ কথা বৰ্ণনা কৰিছে আৰু মেৰাজৰ বৰ্ণনা ছুৰা নাজমত আহিছে। মছজিদে হাৰামৰ পৰা মছজিদে আক্বছালৈ কৰা ভ্ৰমণক ইছৰা বুলি কোৱা হয় আৰু মছজিদে আক্বছাৰ পৰা আকাশলৈ কৰা ভ্ৰমণক মেৰাজ বুলি কোৱা হয়। ইছৰা আৰু মেৰাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এটা ডাঙৰ মুজিযা বা অলৌকিকতা। মুজিযা কেৱল সেইটোকেই কোৱা হয় যিটো আল্লাহৰ ক্ষমতাৰ জৰিয়তে প্ৰকাশ পায়। নবীৰ কোনো ক্ষমতা ইয়াৰ অন্তৰ্ভুক্ত নহয়। সেয়ে ইয়াক আধ্যাত্মিক ভ্ৰমণ বা সপোন বুলি কোৱাটো একেবাৰে ভুল। তেখেতক (চাল্লাল্লাহু আলাইহি অছাল্লাম) সশৰীৰে জাগ্ৰত অৱস্থাত মেৰাজ কৰোৱা হৈছে। এইটো কোনো সপোনৰ কাহিনী নহয়। যদি সপোন হ’লহেঁতেন, তেন্তে কাফিৰসকলে সেইটো অস্বীকাৰ কৰাৰ কোনো প্ৰশ্নই নুঠে। আনহাতে মক্কাৰ কাফিৰসকলে সেইটোক অস্বীকাৰ কৰি তেখেতক বিভিন্ন ধৰণৰ কঠিন কঠিন প্ৰশ্ন কৰিছিল। যাৰ বাবে তেখেতে চিন্তিতও হৈছিল। যদি এয়া সপোন হ’লহেঁতেন, তেন্তে তেখেতে কেৱল এইটো কৈ নিজকে এইবোৰ প্ৰশ্নৰ পৰা মুক্ত কৰিলেহেঁতেন যে, মই সপোনহে দেখিছো, তোমালোকে মোক এনেকুৱা প্ৰশ্ন কিয় কৰি আছা? কিন্তু তেখেতে এনেকুৱা কোনো কথা কোৱা নাই। বৰং আল্লাহ তা‘আলাই এই কঠিন সময়ত বাইতুল মাকদিছক তেখেতৰ (চাল্লাল্লাহু আলাইহি অছাল্লাম) সন্মুখত ৰাখি দিলে। যেনেঃ হাদীছত আহিছে-
জাবিৰ ইবনু ‘আব্দিল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেখেতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছে, “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যেতিয়া কুৰাইশ্বসকলে মোক অস্বীকাৰ কৰিলে, তেতিয়া মই কা‘বাৰ মাকামে হিজৰ (হাতীম) অংশত থিয় দিলোঁ। তেতিয়া আল্লাহ তা‘আলাই বাইতুল মাকদিছক মোৰ সন্মুখত তুলি ধৰিলে। ফলত মই চাই চাই বাইতুল মাকদিছৰ নিদৰ্শনবোৰ সিহঁতৰ ওচৰত ব্যক্ত কৰিছিলো”। (ছহীহ বুখাৰী, কিতাব মানাক্বিবুল আনচাৰ, পৰিচ্ছেদঃ ৪১, হাদীছ নং ৩৮৮৬, মুছলিম ১/৭৫, হাদীছ নং ১৭০, আহমাদ ১৫০৩৮) ইছৰা আৰু মেৰাজৰ এই ঘটনা ছহীহ হাদীছত বিস্তাৰিতভাৱে বৰ্ণিত হৈছে।
Comments
Post a Comment