ref12:109

ref12:109
.
5:75, 25:20, 21:8-9, 46:9, 22:46, 40:51-52
.
৫:৭৫
مَا الْمَسِيحُ ابْنُ مَرْيَمَ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ وَأُمُّهُ صِدِّيقَةٌ ۖ كَانَا يَأْكُلَانِ الطَّعَامَ ۗ انْظُرْ كَيْفَ نُبَيِّنُ لَهُمُ الْآيَاتِ ثُمَّ انْظُرْ أَنَّىٰ يُؤْفَكُونَ
মাৰইয়ামৰ পুত্ৰ মছীহ কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰো, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।
.
২৫:২০
وَمَا أَرْسَلْنَا قَبْلَكَ مِنَ الْمُرْسَلِينَ إِلَّا إِنَّهُمْ لَيَأْكُلُونَ الطَّعَامَ وَيَمْشُونَ فِي الْأَسْوَاقِ ۗ وَجَعَلْنَا بَعْضَكُمْ لِبَعْضٍ فِتْنَةً أَتَصْبِرُونَ ۗ وَكَانَ رَبُّكَ بَصِيرًا
আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছো তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰত চলা-ফুৰাও কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষাস্বৰূপ কৰি দিছো। তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? আৰু তোমাৰ ৰব সৰ্ব দ্ৰষ্টা।
.
২১:৮-৯
وَمَا جَعَلْنَاهُمْ جَسَدًا لَا يَأْكُلُونَ الطَّعَامَ وَمَا كَانُوا خَالِدِينَ
আৰু আমি তেওঁলোকক এনে কোনো দেহবিশিষ্ট কৰা নাছিলো যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, আৰু তেওঁলোক চিৰঞ্জীৱীও নাছিল।
২১:৯
ثُمَّ صَدَقْنَاهُمُ الْوَعْدَ فَأَنْجَيْنَاهُمْ وَمَنْ نَشَاءُ وَأَهْلَكْنَا الْمُسْرِفِينَ
তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালো, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলো আৰু সীমালঙ্ঘনকাৰী বিলাকক ধ্বংস কৰিছিলো।
.
৪৬:৯
قُلْ مَا كُنْتُ بِدْعًا مِنَ الرُّسُلِ وَمَا أَدْرِي مَا يُفْعَلُ بِي وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ وَمَا أَنَا إِلَّا نَذِيرٌ مُبِينٌ
কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।
.
২২:৪৬
أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَتَكُونَ لَهُمْ قُلُوبٌ يَعْقِلُونَ بِهَا أَوْ آذَانٌ يَسْمَعُونَ بِهَا ۖ فَإِنَّهَا لَا تَعْمَى الْأَبْصَارُ وَلَٰكِنْ تَعْمَى الْقُلُوبُ الَّتِي فِي الصُّدُورِ
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধিসম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তিসম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।
.
৪০:৫১-৫২
إِنَّا لَنَنْصُرُ رُسُلَنَا وَالَّذِينَ آمَنُوا فِي الْحَيَاةِ الدُّنْيَا وَيَوْمَ يَقُومُ الْأَشْهَادُ
নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।
৪০:৫২
يَوْمَ لَا يَنْفَعُ الظَّالِمِينَ مَعْذِرَتُهُمْ ۖ وَلَهُمُ اللَّعْنَةُ وَلَهُمْ سُوءُ الدَّارِ
যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে লা’নত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।
... syedraf...

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.