ref9:16
ref9:16
👇
2/214, 3/141, 29/1-2).pz.+3:179
.
২:২১৪
أَمْ حَسِبْتُمْ أَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا يَأْتِكُمْ مَثَلُ الَّذِينَ خَلَوْا مِنْ قَبْلِكُمْ ۖ مَسَّتْهُمُ الْبَأْسَاءُ وَالضَّرَّاءُ وَزُلْزِلُوا حَتَّىٰ يَقُولَ الرَّسُولُ وَالَّذِينَ آمَنُوا مَعَهُ مَتَىٰ نَصْرُ اللَّهِ ۗ أَلَا إِنَّ نَصْرَ اللَّهِ قَرِيبٌ
তোমালোকে ভাৱিছা নেকি যে, তোমালোকে জান্নাতত প্ৰৱেশ কৰিবা অথচ এতিয়াও তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ-সংকট আৰু দুখ-কষ্টই সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীত-কম্পিত হৈছিল। আনকি ৰাছুল আৰু তেওঁৰ সংগী-সাৰথি ঈমান্দাৰসকলে কৈ উঠিছিল, ‘আল্লাহৰ সহায় কেতিয়া আহিব’? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি ওচৰত।
(+3/141, 9/16, *13/40, 29/2, 33/1)
(১৩:৪০*
وَإِنْ مَا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ الْبَلَاغُ وَعَلَيْنَا الْحِسَابُ
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, -- তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা, আৰু হিচাব-নিকাচ লোৱাৰ দায়িত্ব কেৱল আমাৰেই।)
।।।
৩:১৪১-১৪২
وَلِيُمَحِّصَ اللَّهُ الَّذِينَ آمَنُوا وَيَمْحَقَ الْكَافِرِينَ
আৰু যাতে আল্লাহে মুমিনসকলক পৰিশুদ্ধ কৰিব পাৰে লগতে কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে।
৩:১৪২
أَمْ حَسِبْتُمْ أَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا يَعْلَمِ اللَّهُ الَّذِينَ جَاهَدُوا مِنْكُمْ وَيَعْلَمَ الصَّابِرِينَ
তোমালোকে ভাৱা নেকি যে তোমালোকে (এনেই) জান্নাতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্যশীল সেয়া প্ৰকাশ কৰা নাই?
।।।
৩:১৭৯
مَا كَانَ اللَّهُ لِيَذَرَ الْمُؤْمِنِينَ عَلَىٰ مَا أَنْتُمْ عَلَيْهِ حَتَّىٰ يَمِيزَ الْخَبِيثَ مِنَ الطَّيِّبِ ۗ وَمَا كَانَ اللَّهُ لِيُطْلِعَكُمْ عَلَى الْغَيْبِ وَلَٰكِنَّ اللَّهَ يَجْتَبِي مِنْ رُسُلِهِ مَنْ يَشَاءُ ۖ فَآمِنُوا بِاللَّهِ وَرُسُلِهِ ۚ وَإِنْ تُؤْمِنُوا وَتَتَّقُوا فَلَكُمْ أَجْرٌ عَظِيمٌ
পৱিত্ৰক অপৱিত্ৰৰ পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা আল্লাহে মুমিনসকলক সেই অৱস্থাত এৰি নিদিয়ে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰা আল্লাহৰ নিয়ম নহয়; কিন্তু আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা। যদি তোমালোকে ঈমান আনা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ।
।।।
২৯:১-২
الم
আলিফ-লাম-মীম।
২৯:২
أَحَسِبَ النَّاسُ أَنْ يُتْرَكُوا أَنْ يَقُولُوا آمَنَّا وَهُمْ لَا يُفْتَنُونَ
মানুহে ভাৱিছে নেকি যে, ‘আমি ঈমান আনিছো’ এইবুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেয়ে এৰি দিয়া হ’ব?
....raf....
Comments
Post a Comment