ref8:62-64

ref8:62-64
6/52, 18/28, 48/29
.
৬:৫২
وَلَا تَطْرُدِ الَّذِينَ يَدْعُونَ رَبَّهُمْ بِالْغَدَاةِ وَالْعَشِيِّ يُرِيدُونَ وَجْهَهُ ۖ مَا عَلَيْكَ مِنْ حِسَابِهِمْ مِنْ شَيْءٍ وَمَا مِنْ حِسَابِكَ عَلَيْهِمْ مِنْ شَيْءٍ فَتَطْرُدَهُمْ فَتَكُونَ مِنَ الظَّالِمِينَ
আৰু যিসকলে নিজ প্ৰতিপালকক পুৱা-গধুলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে সিহঁতক তুমি আঁতৰাই নিদিবা। সিহঁতৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব সিহঁতৰ ওপৰত নহয়, যাৰ বাবে তুমি সিহঁতক আঁতৰাই দিবা, এনে কৰিলে তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
.
১৮:২৮
وَاصْبِرْ نَفْسَكَ مَعَ الَّذِينَ يَدْعُونَ رَبَّهُمْ بِالْغَدَاةِ وَالْعَشِيِّ يُرِيدُونَ وَجْهَهُ ۖ وَلَا تَعْدُ عَيْنَاكَ عَنْهُمْ تُرِيدُ زِينَةَ الْحَيَاةِ الدُّنْيَا ۖ وَلَا تُطِعْ مَنْ أَغْفَلْنَا قَلْبَهُ عَنْ ذِكْرِنَا وَاتَّبَعَ هَوَاهُ وَكَانَ أَمْرُهُ فُرُطًا
আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখিবা তেওঁলোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।
.
৪৮:২৯
مُحَمَّدٌ رَسُولُ اللَّهِ ۚ وَالَّذِينَ مَعَهُ أَشِدَّاءُ عَلَى الْكُفَّارِ رُحَمَاءُ بَيْنَهُمْ ۖ تَرَاهُمْ رُكَّعًا سُجَّدًا يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا ۖ سِيمَاهُمْ فِي وُجُوهِهِمْ مِنْ أَثَرِ السُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِي التَّوْرَاةِ ۚ وَمَثَلُهُمْ فِي الْإِنْجِيلِ كَزَرْعٍ أَخْرَجَ شَطْأَهُ فَآزَرَهُ فَاسْتَغْلَظَ فَاسْتَوَىٰ عَلَىٰ سُوقِهِ يُعْجِبُ الزُّرَّاعَ لِيَغِيظَ بِهِمُ الْكُفَّارَ ۗ وَعَدَ اللَّهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنْهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا
মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহত অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।
...

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158