ref-7:38

7:38 ref👉29:25, 2:166-167, 33:66-68, 16:88, 29:13, 16:25.
👇
২৯:২৫
وَقَالَ إِنَّمَا اتَّخَذْتُمْ مِنْ دُونِ اللَّهِ أَوْثَانًا مَوَدَّةَ بَيْنِكُمْ فِي الْحَيَاةِ الدُّنْيَا ۖ ثُمَّ يَوْمَ الْقِيَامَةِ يَكْفُرُ بَعْضُكُمْ بِبَعْضٍ وَيَلْعَنُ بَعْضُكُمْ بَعْضًا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُمْ مِنْ نَاصِرِينَ
ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।
।।।
২:১৬৬-১৬৭
إِذْ تَبَرَّأَ الَّذِينَ اتُّبِعُوا مِنَ الَّذِينَ اتَّبَعُوا وَرَأَوُا الْعَذَابَ وَتَقَطَّعَتْ بِهِمُ الْأَسْبَابُ
যেতিয়া, নেতাসকলে (যিসকলক অনুসৰণ কৰা হৈছিল) সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি লব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব (তেতিয়া) সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব।
২:১৬৭
وَقَالَ الَّذِينَ اتَّبَعُوا لَوْ أَنَّ لَنَا كَرَّةً فَنَتَبَرَّأَ مِنْهُمْ كَمَا تَبَرَّءُوا مِنَّا ۗ كَذَٰلِكَ يُرِيهِمُ اللَّهُ أَعْمَالَهُمْ حَسَرَاتٍ عَلَيْهِمْ ۖ وَمَا هُمْ بِخَارِجِينَ مِنَ النَّارِ
আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।
।।।
৩৩:৬৬-৬৮
يَوْمَ تُقَلَّبُ وُجُوهُهُمْ فِي النَّارِ يَقُولُونَ يَا لَيْتَنَا أَطَعْنَا اللَّهَ وَأَطَعْنَا الرَّسُولَا
যিদিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ'ব, সেইদিনা সিহঁতে ক'ব, হায়! আমি যদি আল্লাহক মানিলোহেঁতেন আৰু ৰাছুলৰ আনুগত্য* কৰিলোহেঁতেন!(*not to mean obey Sunnat-Rasol)
৩৩:৬৭
وَقَالُوا رَبَّنَا إِنَّا أَطَعْنَا سَادَتَنَا وَكُبَرَاءَنَا فَأَضَلُّونَا السَّبِيلَا
সিহঁতে আৰু ক’ব, ‘হে আমাৰ ৰব! আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰহে আনুগত্য কৰিছিলো আৰু সিহঁতেহে আমাক পথভ্ৰষ্ট কৰিছিল;
৩৩:৬৮
رَبَّنَا آتِهِمْ ضِعْفَيْنِ مِنَ الْعَذَابِ وَالْعَنْهُمْ لَعْنًا كَبِيرًا
‘হে আমাৰ ৰব! তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া আৰু সিহঁতক মহা অভিসম্পাত দিয়া’।
।।।
১৬:৮৮
الَّذِينَ كَفَرُوا وَصَدُّوا عَنْ سَبِيلِ اللَّهِ زِدْنَاهُمْ عَذَابًا فَوْقَ الْعَذَابِ بِمَا كَانُوا يُفْسِدُونَ
যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।
।।।
২৯:১৩
وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًا مَعَ أَثْقَالِهِمْ ۖ وَلَيُسْأَلُنَّ يَوْمَ الْقِيَامَةِ عَمَّا كَانُوا يَفْتَرُونَ
আৰু অৱশ্যে সিহঁতে বহন কৰিব নিজৰ বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক অৱশ্যে কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।
।।।
১৬:২৫
لِيَحْمِلُوا أَوْزَارَهُمْ كَامِلَةً يَوْمَ الْقِيَامَةِ ۙ وَمِنْ أَوْزَارِ الَّذِينَ يُضِلُّونَهُمْ بِغَيْرِ عِلْمٍ ۗ أَلَا سَاءَ مَا يَزِرُونَ
ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!
।।।।যোগোটালে,ৰফ।।।।

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.