ref 7:115

৭:১১৫
قَالُوا يَا مُوسَىٰ إِمَّا أَنْ تُلْقِيَ وَإِمَّا أَنْ نَكُونَ نَحْنُ الْمُلْقِينَ
সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’?
ref: 20:65, 7:116, 20:67-69
.
২০:৬৫
قَالُوا يَا مُوسَىٰ إِمَّا أَنْ تُلْقِيَ وَإِمَّا أَنْ نَكُونَ أَوَّلَ مَنْ أَلْقَىٰ
সিহঁতে ক’লে, ‘হে মুছা! হয় তুমি আগতে নিক্ষেপ কৰা নহ'লে আমিয়ে প্ৰথম নিক্ষেপকাৰী হম’।
.
৭:১১৬
قَالَ أَلْقُوا ۖ فَلَمَّا أَلْقَوْا سَحَرُوا أَعْيُنَ النَّاسِ وَاسْتَرْهَبُوهُمْ وَجَاءُوا بِسِحْرٍ عَظِيمٍ
তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।
.
২০:৬৭-৬৯
فَأَوْجَسَ فِي نَفْسِهِ خِيفَةً مُوسَىٰ
তেতিয়া মুছাই তেওঁৰ অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।
২০:৬৮
قُلْنَا لَا تَخَفْ إِنَّكَ أَنْتَ الْأَعْلَىٰ
আমি ক’লো, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।
২০:৬৯
وَأَلْقِ مَا فِي يَمِينِكَ تَلْقَفْ مَا صَنَعُوا ۖ إِنَّمَا صَنَعُوا كَيْدُ سَاحِرٍ ۖ وَلَا يُفْلِحُ السَّاحِرُ حَيْثُ أَتَىٰ
‘আৰু তোমাৰ সোঁহাতত যি আছে সেডাল নিক্ষেপ কৰা, এইডালে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেয়া কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’তে নাহক কিয়, কেতিয়াও সফল নহয়’।
....ooo...

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran