6:116-No place of Guess

৬:১৪৮
سَيَقُولُ الَّذِينَ أَشْرَكُوا لَوْ شَاءَ اللَّهُ مَا أَشْرَكْنَا وَلَا آبَاؤُنَا وَلَا حَرَّمْنَا مِنْ شَيْءٍ ۚ كَذَٰلِكَ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ حَتَّىٰ ذَاقُوا بَأْسَنَا ۗ قُلْ هَلْ عِنْدَكُمْ مِنْ عِلْمٍ فَتُخْرِجُوهُ لَنَا ۖ إِنْ تَتَّبِعُونَ إِلَّا الظَّنَّ وَإِنْ أَنْتُمْ إِلَّا تَخْرُصُونَ
যিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘আমাৰ ওচৰত প্ৰকাশ কৰিবলৈ তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথা কোৱা’।
.
১০:৩৬
وَمَا يَتَّبِعُ أَكْثَرُهُمْ إِلَّا ظَنًّا ۚ إِنَّ الظَّنَّ لَا يُغْنِي مِنَ الْحَقِّ شَيْئًا ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَفْعَلُونَ
আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।
.
১০:৬৬
أَلَا إِنَّ لِلَّهِ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ ۗ وَمَا يَتَّبِعُ الَّذِينَ يَدْعُونَ مِنْ دُونِ اللَّهِ شُرَكَاءَ ۚ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ
জানি থোৱা! নিশ্চয় যিসকলে আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই। যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰ অনুসৰণ কৰে আৰু সিহঁত কেৱল মিছা কথাহে কয়।
.
৪৫:২৪
وَقَالُوا مَا هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا يُهْلِكُنَا إِلَّا الدَّهْرُ ۚ وَمَا لَهُمْ بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَظُنُّونَ
আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।
.

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158