অনুবাদ

22:32, 5:97, 2:144.
.
২২:৩২
ذَٰلِكَ وَمَنْ يُعَظِّمْ شَعَائِرَ اللَّهِ فَإِنَّهَا مِنْ تَقْوَى الْقُلُوبِ
এইটোৱে আল্লাহৰ বিধান আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিঃসন্দেহে সেয়া তাৰ হৃদয়ৰ তাক্বৱাপ্ৰসূত।
.
৫:৯৭
۞ جَعَلَ اللَّهُ الْكَعْبَةَ الْبَيْتَ الْحَرَامَ قِيَامًا لِلنَّاسِ وَالشَّهْرَ الْحَرَامَ وَالْهَدْيَ وَالْقَلَائِدَ ۚ ذَٰلِكَ لِتَعْلَمُوا أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَأَنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ
আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদঈ আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এইবাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
.
২:১৪৪
قَدْ نَرَىٰ تَقَلُّبَ وَجْهِكَ فِي السَّمَاءِ ۖ فَلَنُوَلِّيَنَّكَ قِبْلَةً تَرْضَاهَا ۚ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ۚ وَحَيْثُ مَا كُنْتُمْ فَوَلُّوا وُجُوهَكُمْ شَطْرَهُ ۗ وَإِنَّ الَّذِينَ أُوتُوا الْكِتَابَ لَيَعْلَمُونَ أَنَّهُ الْحَقُّ مِنْ رَبِّهِمْ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا يَعْمَلُونَ
নিশ্চয় আমি আকাশৰ ফালে তোমাৰ বাৰে বাৰে চাই থকাটো লক্ষ্য কৰিছো। এতেকে অৱশ্যে আমি তোমাক এনে কিবলাৰ ফালে ওভোতাই দিম যিটো তুমি পছন্দ কৰা। এতেকে তুমি মছজিদে হাৰামৰ ফালে মুখ কৰা; আৰু তোমালোকে য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ চেহেৰা ঘূৰাই লোৱা; আৰু নিশ্চয় যিসকলক কিতাব দিয়া হৈছে সিহঁতে নিশ্চিতভাৱে জানে যে, এইটো সিহঁতৰ প্ৰতিপালকৰ পৰা সত্য; আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযাগী নহয়।

.... arranged....raf....

Comments

Popular posts from this blog

2:6-Note

3:158

War and Peace