ছুৰা-১১১ৰ চমু শ্বানে নুযুল।

ছুৰা-১১১ৰ চমু শ্বানে নুযুল।
।।।
🔺১১১:১
 تَبَّتْ يَدَا أَبِي لَهَبٍ وَتَبَّ
ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।১
✔️১. ইয়াৰ শ্বানে নুযুলত আহিছে যে, যেতিয়া এই আয়াত অৱতীৰ্ণ হ’ল, وَأَنذِرۡ عَشِيرَتَكَ ٱلۡأَقۡرَبِينَ ٢١٤আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা। তেতিয়া আৰবীয়ানসকলৰ পৰাম্পৰা অনুযায়ী নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাফা পাহাৰত আৰোহণ কৰিলে আৰু মানুহক আহ্বান কৰিলে। যেতিয়া মানুহ একত্ৰিত হ’ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, ‘মই যদি তোমালোকক কওঁ, এটা অশ্বাৰোহী সেনাবাহিনী এই পৰ্বতৰ পিছফালে তোমালোকৰ ওপৰত আক্ৰমণ কৰাৰ বাবে প্ৰস্তুত হৈ আছে, তেনেহ’লে তোমালোকে মোৰ কথা বিশ্বাস কৰিবা নে’? সকলোৱে ক’লে,‘(নিশ্চয় বিশ্বাস কৰিম, কিয়নো) আপোনাৰ মিছা কথা কোৱাৰ বিষয়ে আমাৰ কোনো অভিজ্ঞতা নাই’। তেতিয়া তেখেতে ক’লেঃ ‘মই তোমালোকক আসন্ন কঠিন শাস্তি সম্পৰ্কে সাৱধান কৰিছো।’’ এই কথা শুনি আবু লাহাবে ক’লে, ‘তোমাৰ ধ্বংস হওঁক। তুমি এই কাৰণেই আমাক একত্রিত কৰিছানে’? এই কথা কৈ সি উঠি গুচি গ’ল। তাৰ পিছত এই ছুৰা অৱতীৰ্ণ হ’ল। (ছহীহ বুখাৰী, কিতাবুত তাফছীৰ, পৰিচ্ছেদঃ ১, হাদীছ নং ৪৯৭১)
।।।
🔺১১১:২
مَا أَغْنَىٰ عَنْهُ مَالُهُ وَمَا كَسَبَ
তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
।।।
🔺১১১:৩
سَيَصْلَىٰ نَارًا ذَاتَ لَهَبٍ
অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।
।।।
🔺১১১:৪
وَامْرَأَتُهُ حَمَّالَةَ الْحَطَبِ
আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,১
১. (وَٱمۡرَأَتُهُۥ حَمَّالَةَ ٱلۡحَطَبِ)মুজাহিদে কৈছেঃ ‘ইয়াৰ দ্বাৰা আবু লাহাবৰ স্ত্ৰী উম্মে জামিলক বুজোৱা হৈছে। যিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰুদ্ধে অপবাদ আৰু সমালোচনা কৰি ফুৰিছিল’।
।।।
🔺১১১:৫
فِي جِيدِهَا حَبْلٌ مِنْ مَسَدٍ
তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।১
১(مسد) ৰ দ্বাৰা কাইটবিশিষ্ট গছৰ ছালক বুজোৱা হৈছে। আৰু কিছুমানে কৈছেঃ ‘ইয়াৰ দ্বাৰা অগ্নিৰ ৰছীক বুজোৱা হৈছে’। (ছহীহ বুখাৰী, কিতাবুত তাফছীৰ, ছুৰা লাহাব, পৰিচ্ছেদঃ ৪) 
।।।
arranged by syedraf 

Comments

Popular posts from this blog

2:6-Note

War and Peace

3:158