62-10(refs-sig)
62-10(refs-sig)
_________________________
62:10(refs:3:159; 42:38; 49:2; 58:11. Following opinions, holding strong opinions without any foundation 49:2; 38:26)
.
৩:১৫৯
فَبِمَا رَحْمَةٍ مِنَ اللَّهِ لِنْتَ لَهُمْ ۖ وَلَوْ كُنْتَ فَظًّا غَلِيظَ الْقَلْبِ لَانْفَضُّوا مِنْ حَوْلِكَ ۖ فَاعْفُ عَنْهُمْ وَاسْتَغْفِرْ لَهُمْ وَشَاوِرْهُمْ فِي الْأَمْرِ ۖ فَإِذَا عَزَمْتَ فَتَوَكَّلْ عَلَى اللَّهِ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُتَوَكِّلِينَ
এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁতে নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহে (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভাল পায়।
.
৪২:৩৮
وَالَّذِينَ اسْتَجَابُوا لِرَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَمْرُهُمْ شُورَىٰ بَيْنَهُمْ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।
.
৪৯:২
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَرْفَعُوا أَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِيِّ وَلَا تَجْهَرُوا لَهُ بِالْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ أَنْ تَحْبَطَ أَعْمَالُكُمْ وَأَنْتُمْ لَا تَشْعُرُونَ
হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।
.
৫৮:১১
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا قِيلَ لَكُمْ تَفَسَّحُوا فِي الْمَجَالِسِ فَافْسَحُوا يَفْسَحِ اللَّهُ لَكُمْ ۖ وَإِذَا قِيلَ انْشُزُوا فَانْشُزُوا يَرْفَعِ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَالَّذِينَ أُوتُوا الْعِلْمَ دَرَجَاتٍ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহে তোমালোকৰ বাবে ঠাই প্ৰশস্ত কৰি দিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
.
৩৮:২৬
يَا دَاوُودُ إِنَّا جَعَلْنَاكَ خَلِيفَةً فِي الْأَرْضِ فَاحْكُمْ بَيْنَ النَّاسِ بِالْحَقِّ وَلَا تَتَّبِعِ الْهَوَىٰ فَيُضِلَّكَ عَنْ سَبِيلِ اللَّهِ ۚ إِنَّ الَّذِينَ يَضِلُّونَ عَنْ سَبِيلِ اللَّهِ لَهُمْ عَذَابٌ شَدِيدٌ بِمَا نَسُوا يَوْمَ الْحِسَابِ
‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছো, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।
_____________________
Comments
Post a Comment