Note on 48:15

Note on 48:15
.
Battle is no longer a means of winning booty as it was in the Age of Ignorance. It is permitted only against persecution and in self-defense. 2:167, 2:193, 3:140, 8:1, 60:8
(অজ্ঞানতাৰ যুগত যুদ্ধ এতিয়া লুটপাত জয়ৰ মাধ্যম নহয়।  ইয়াৰ অনুমতি কেৱল নিৰ্যাতনৰ বিৰুদ্ধে আৰু আত্মৰক্ষাৰ বাবে।  ২:১৬৭, ২:১৯৩, ৩:১৪০, ৮:১, ৬০:৮)
(২:১৬৭
وَقَالَ الَّذِينَ اتَّبَعُوا لَوْ أَنَّ لَنَا كَرَّةً فَنَتَبَرَّأَ مِنْهُمْ كَمَا تَبَرَّءُوا مِنَّا ۗ كَذَٰلِكَ يُرِيهِمُ اللَّهُ أَعْمَالَهُمْ حَسَرَاتٍ عَلَيْهِمْ ۖ وَمَا هُمْ بِخَارِجِينَ مِنَ النَّارِ
আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।
.
২:১৯৩
وَقَاتِلُوهُمْ حَتَّىٰ لَا تَكُونَ فِتْنَةٌ وَيَكُونَ الدِّينُ لِلَّهِ ۖ فَإِنِ انْتَهَوْا فَلَا عُدْوَانَ إِلَّا عَلَى الظَّالِمِينَ
আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়ালৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে নোহোৱালৈকে। তাৰ পিছত যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ নাই।
(see 2:193:
.
৩:১৪০
إِنْ يَمْسَسْكُمْ قَرْحٌ فَقَدْ مَسَّ الْقَوْمَ قَرْحٌ مِثْلُهُ ۚ وَتِلْكَ الْأَيَّامُ نُدَاوِلُهَا بَيْنَ النَّاسِ وَلِيَعْلَمَ اللَّهُ الَّذِينَ آمَنُوا وَيَتَّخِذَ مِنْكُمْ شُهَدَاءَ ۗ وَاللَّهُ لَا يُحِبُّ الظَّالِمِينَ
যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকো, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
.
৮:১
 يَسْأَلُونَكَ عَنِ الْأَنْفَالِ ۖ قُلِ الْأَنْفَالُ لِلَّهِ وَالرَّسُولِ ۖ فَاتَّقُوا اللَّهَ وَأَصْلِحُوا ذَاتَ بَيْنِكُمْ ۖ وَأَطِيعُوا اللَّهَ وَرَسُولَهُ إِنْ كُنْتُمْ مُؤْمِنِينَ
মানুহে তোমাক আনফাল (যুদ্ধলব্ধ সম্পদ) সম্পৰ্কে প্ৰশ্ন কৰে; কোৱা, ‘যুদ্ধলব্ধ সম্পদ আল্লাহ আৰু ৰাছুলৰ বাবে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা’।
.
৬০:৮✔️
لَا يَنْهَاكُمُ اللَّهُ عَنِ الَّذِينَ لَمْ يُقَاتِلُوكُمْ فِي الدِّينِ وَلَمْ يُخْرِجُوكُمْ مِنْ دِيَارِكُمْ أَنْ تَبَرُّوهُمْ وَتُقْسِطُوا إِلَيْهِمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহে ন্যায়পৰায়ণসকলক ভালপায়।
(The expression "God does not forbid you'" implies in this context a positive exhortation . See on 58:22.
(৫৮:২২
لَا تَجِدُ قَوْمًا يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ يُوَادُّونَ مَنْ حَادَّ اللَّهَ وَرَسُولَهُ وَلَوْ كَانُوا آبَاءَهُمْ أَوْ أَبْنَاءَهُمْ أَوْ إِخْوَانَهُمْ أَوْ عَشِيرَتَهُمْ ۚ أُولَٰئِكَ كَتَبَ فِي قُلُوبِهِمُ الْإِيمَانَ وَأَيَّدَهُمْ بِرُوحٍ مِنْهُ ۖ وَيُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ ۚ أُولَٰئِكَ حِزْبُ اللَّهِ ۚ أَلَا إِنَّ حِزْبَ اللَّهِ هُمُ الْمُفْلِحُونَ
আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনেলোকক ভালপায়, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে--- যদিও সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনে জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এওঁলোকেই আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।)
... syedraf...

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.