50:45-Refs:

50:45-Refs:
.
🟥৫০:৪৫
نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَا أَنْتَ عَلَيْهِمْ بِجَبَّارٍ ۖ فَذَكِّرْ بِالْقُرْآنِ مَنْ يَخَافُ وَعِيدِ
সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।
.
✍️Ap-refs: 15:97-99, 13:40, 88:21-22, 2:272, 28:56.

➡️১৫:৯৭-৯৯
وَلَقَدْ نَعْلَمُ أَنَّكَ يَضِيقُ صَدْرُكَ بِمَا يَقُولُونَ
আৰু অৱশ্যে আমি এই কথা জানো যে, সিহঁতৰ কথাত তোমাৰ মন সংকুচিত হয়;
১৫:৯৮
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُنْ مِنَ السَّاجِدِينَ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।
১৫:৯৯
وَاعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ الْيَقِينُ
আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।
(Pl find the verses: https://bit.ly/3kC20C4)
.
➡️১৩:৪০
وَإِنْ مَا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ الْبَلَاغُ وَعَلَيْنَا الْحِسَابُ
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, -- তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা, আৰু হিচাব-নিকাচ লোৱাৰ দায়িত্ব কেৱল আমাৰেই।
(Find the verse,notes,links: 
.
➡️৮৮:২১-২২
فَذَكِّرْ إِنَّمَا أَنْتَ مُذَكِّرٌ
এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,
৮৮:২২
لَسْتَ عَلَيْهِمْ بِمُصَيْطِرٍ
তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।
.
➡️২:২৭২
۞ لَيْسَ عَلَيْكَ هُدَاهُمْ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ ۗ وَمَا تُنْفِقُوا مِنْ خَيْرٍ فَلِأَنْفُسِكُمْ ۚ وَمَا تُنْفِقُونَ إِلَّا ابْتِغَاءَ وَجْهِ اللَّهِ ۚ وَمَا تُنْفِقُوا مِنْ خَيْرٍ يُوَفَّ إِلَيْكُمْ وَأَنْتُمْ لَا تُظْلَمُونَ
সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা হিদায়ত দিয়ে; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা সেয়া কেৱল তোমালোকৰ নিজৰ বাবে আৰু তোমালোকে কেৱল আল্লাহৰ বাবেই (তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবেই) ব্যয় কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু ব্যয় কৰিলে তাৰ পুৰষ্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।
(Find note of 2:272: https://bit.ly/3kwfyPi   )
.
➡️২৮:৫৬
إِنَّكَ لَا تَهْدِي مَنْ أَحْبَبْتَ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।
(Find the verse note: link:
.
arranged syedraf 

Comments

Popular posts from this blog

War and Peace

2:6-Note

3:158