২:১৮৬-হাদীছে কুদছীত বুখাৰিৰ গাজা

২:১৮৬-হাদীছে কুদছীত🩸 বুখাৰিৰ গাজা
।।।
২:১৮৬
وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ ۖ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ ۖ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ
আৰু মোৰ বান্দাই যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰো, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান আনে[১], যাতে সিহঁতে সঠিক পথত পৰিচালিত হ’ব পাৰে।

১. অৰ্থাৎ আল্লাহে নিৰ্দেশ কৰা ফৰজ ওৱাজীবসমূহ যেন পালন কৰে। হাদীছে কুদছীত🩸 আহিছে, আল্লাহ তাআলাই কৈছে, যি ব্যক্তিয়ে মোৰ কোনো অলীৰ লগত শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছো। মোৰ বান্দাই যিবোৰ ইবাদতৰ দ্বাৰাই মোৰ নৈকট্য অৰ্জন কৰে সেইবোৰৰ মাজত ফৰজ ইবাদতবোৰেই মোৰ ওচৰত আটাইতকৈ প্ৰিয়। (ইয়াৰ বাহিৰে) মোৰ বান্দাই সদায় নফল ‘ইবাদাত কৰি মোৰ ইমান নৈকট্য লাভ কৰে যে, অৱশেষত মই তাক মোৰ প্ৰিয়পাত্ৰ বনাই লওঁ, এতেকে মই তাৰ কাণ হৈ যাওঁ, যাৰ দ্বাৰা সি শুনে। মই তাৰ চকু হৈ যাওঁ, যাৰ দ্বাৰা সি দেখে। মই তাৰ হাত হৈ যাওঁ, যাৰ দ্বাৰা সি ধৰে। মই তাৰ ভৰি হৈ যাওঁ, যাৰ দ্বাৰা সি খোঁজ কাঢ়ে। যদি সি মোৰ ওচৰত কিবা বিচাৰে, তেনেহ’লে মই নিশ্চয় তাক সেইটো দান কৰোঁ; আৰু যদি সি মোৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, তেনেহ’লে নিশ্চয় মই তাক আশ্ৰয় দিওঁ। আৰু মই কিবা কাম কৰিব বিচাৰিলে সেইটো কৰিবলৈ সিমান দ্বিধাবোধ নকৰোঁ, যিমানখিনি দ্বিধাবোধ কৰোঁ মু’মিন বান্দাৰ প্ৰাণ নিয়াৰ ক্ষেত্ৰত। সি (শাৰীৰিক কষ্টৰ বাবে) মৃত্যুক অপছন্দ কৰে আৰু মোৰো তাক কষ্ট দিবলৈ বেয়া লাগে। (ছহীহ বুখাৰী, কিতাবুৰ ৰিক্বাক্ব, পৰিচ্ছেদঃ ৩৮, হাদীছ নং ৬৫০২)
।।।
(🩸Press link:Hadith Qudsi -2 articles:
।।।

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran