39:71-Ap-refs:

39:71-Ap-refs:
৫২:১৩
يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا
সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব,
.
১৯:৮৫-৮৬
يَوْمَ نَحْشُرُ الْمُتَّقِينَ إِلَى الرَّحْمَٰنِ وَفْدًا
যিদিনা ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে আমি সমবেত কৰিম,
১৯:৮৬
وَنَسُوقُ الْمُجْرِمِينَ إِلَىٰ جَهَنَّمَ وِرْدًا
আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি নিয়া হ’ব।
.
১৭:৯৭
وَمَنْ يَهْدِ اللَّهُ فَهُوَ الْمُهْتَدِ ۖ وَمَنْ يُضْلِلْ فَلَنْ تَجِدَ لَهُمْ أَوْلِيَاءَ مِنْ دُونِهِ ۖ وَنَحْشُرُهُمْ يَوْمَ الْقِيَامَةِ عَلَىٰ وُجُوهِهِمْ عُمْيًا وَبُكْمًا وَصُمًّا ۖ مَأْوَاهُمْ جَهَنَّمُ ۖ كُلَّمَا خَبَتْ زِدْنَاهُمْ سَعِيرًا
আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবুৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।
.
৬৭:৭-১১
إِذَا أُلْقُوا فِيهَا سَمِعُوا لَهَا شَهِيقًا وَهِيَ تَفُورُ
যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব। আৰু ই উথলি উঠিব।
৬৭:৮
تَكَادُ تَمَيَّزُ مِنَ الْغَيْظِ ۖ كُلَّمَا أُلْقِيَ فِيهَا فَوْجٌ سَأَلَهُمْ خَزَنَتُهَا أَلَمْ يَأْتِكُمْ نَذِيرٌ
ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত কোনো সতৰ্ককাৰী অহা নাছিল নে’?
৬৭:৯
قَالُوا بَلَىٰ قَدْ جَاءَنَا نَذِيرٌ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ اللَّهُ مِنْ شَيْءٍ إِنْ أَنْتُمْ إِلَّا فِي ضَلَالٍ كَبِيرٍ
সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।
৬৭:১০
وَقَالُوا لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِي أَصْحَابِ السَّعِيرِ
আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।
৬৭:১১
فَاعْتَرَفُوا بِذَنْبِهِمْ فَسُحْقًا لِأَصْحَابِ السَّعِيرِ
ফলত সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰিব। এতেকে ধ্বংস জ্বলন্ত জুইৰ অধিবাসীসকলৰ বাবে।
....arranged syedraf....

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran