33:68-refs

33:68-refs
৩৪:৩১
وَقَالَ الَّذِينَ كَفَرُوا لَنْ نُؤْمِنَ بِهَٰذَا الْقُرْآنِ وَلَا بِالَّذِي بَيْنَ يَدَيْهِ ۗ وَلَوْ تَرَىٰ إِذِ الظَّالِمُونَ مَوْقُوفُونَ عِنْدَ رَبِّهِمْ يَرْجِعُ بَعْضُهُمْ إِلَىٰ بَعْضٍ الْقَوْلَ يَقُولُ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا لَوْلَا أَنْتُمْ لَكُنَّا مُؤْمِنِينَ
যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ’। হায়! যদি তুমি দেখিলাহেঁতেন যালিমসকলক, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভৱা হৈছিল, সিহঁতে অহংকাৰী বিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি অৱশ্যে মুমিন হ’লোহেঁতেন!’
.
৩৪:৩২
قَالَ الَّذِينَ اسْتَكْبَرُوا لِلَّذِينَ اسْتُضْعِفُوا أَنَحْنُ صَدَدْنَاكُمْ عَنِ الْهُدَىٰ بَعْدَ إِذْ جَاءَكُمْ ۖ بَلْ كُنْتُمْ مُجْرِمِينَ
যিসকল অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখাবিলাকক ক’ব, ‘তোমালোকৰ ওচৰত হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলো নে? বৰং তোমালোকহে অপৰাধী আছিলা’।
.
৩৪:৩৩
وَقَالَ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا بَلْ مَكْرُ اللَّيْلِ وَالنَّهَارِ إِذْ تَأْمُرُونَنَا أَنْ نَكْفُرَ بِاللَّهِ وَنَجْعَلَ لَهُ أَنْدَادًا ۚ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ وَجَعَلْنَا الْأَغْلَالَ فِي أَعْنَاقِ الَّذِينَ كَفَرُوا ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰীবিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
....

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran