10:47(Messenger is a continuous process)
১০:৪৭
وَلِكُلِّ أُمَّةٍ رَسُولٌ ۖ فَإِذَا جَاءَ رَسُولُهُمْ قُضِيَ بَيْنَهُمْ بِالْقِسْطِ وَهُمْ لَا يُظْلَمُونَ
আৰু প্ৰত্যেক উম্মতৰ বাবেই আছে একোজনকৈ ৰাছুল। এতেকে যেতিয়া সিহঁতৰ ওচৰত ৰাছুল আহে তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হয় আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহয়।
.
[10:47] And (Wa) for (Li) every (Kulli) nation (Ummatin) is a messenger (7:35) (Rasuulun). So (Fa) when (Izaa)their messenger (Rasuulu-hum') comes (Jaa'a), it will be settled (Qudiya) between them (Bai'nahum) in justice (Bil' Qis'ti), and they (Hum') will not (Laa) be wronged (Yaz'lamuun).
(৭:৩৫
يَا بَنِي آدَمَ إِمَّا يَأْتِيَنَّكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي ۙ فَمَنِ اتَّقَىٰ وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
হে আদম সন্তান! যদি তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।(Pl find notes of 7:35,link:
https://m.facebook.com/story.php?story_fbid=2472376989558897&id=100003598598517).
.
📍ref:
৬:১৩১
ذَٰلِكَ أَنْ لَمْ يَكُنْ رَبُّكَ مُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا غَافِلُونَ
এইটো এইবাবে যে, অধিবাসীসকল গাফিল থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰা তোমাৰ প্ৰতিপালকৰ কাম নহয়।
(pl find this verse note,link:
https://qurantafseeritself.blogspot.com/2021/12/part-1356127-136-httpsyoutu.html?m=1).
.
১৬:৩৬
وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ فَمِنْهُمْ مَنْ هَدَى اللَّهُ وَمِنْهُمْ مَنْ حَقَّتْ عَلَيْهِ الضَّلَالَةُ ۚ فَسِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?
.
৪০:৭৮
وَلَقَدْ أَرْسَلْنَا رُسُلًا مِنْ قَبْلِكَ مِنْهُمْ مَنْ قَصَصْنَا عَلَيْكَ وَمِنْهُمْ مَنْ لَمْ نَقْصُصْ عَلَيْكَ ۗ وَمَا كَانَ لِرَسُولٍ أَنْ يَأْتِيَ بِآيَةٍ إِلَّا بِإِذْنِ اللَّهِ ۚ فَإِذَا جَاءَ أَمْرُ اللَّهِ قُضِيَ بِالْحَقِّ وَخَسِرَ هُنَالِكَ الْمُبْطِلُونَ
আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহুতো ৰাছুল প্ৰেৰণ কৰিছো। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছো আৰু কিছুমানৰ বৰ্ণনা কৰা নাই। আল্লাহৰ অনুমতি বিনে কোনো নিৰ্দেশ লৈ অহা কোনো ৰাছুলৰ পক্ষে সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায় সংগতভাৱে ফয়চালা হৈ যাব। তেতিয়া বাতিলপন্থীবিলাক ক্ষতিগ্ৰস্ত হ’ব।
.
Source:
Comments
Post a Comment