31:14-refs:মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ

৩১:১৪
وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ حَمَلَتْهُ أُمُّهُ وَهْنًا عَلَىٰ وَهْنٍ وَفِصَالُهُ فِي عَامَيْنِ أَنِ اشْكُرْ لِي وَلِوَالِدَيْكَ إِلَيَّ الْمَصِيرُ
আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছো। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ স্তন-পান এৰুৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।
.
✍️Verse/note/refs:
31:14. (Going further, you should consider mutual human relations. Animals do a lot 
when taking care of their offspring; but when the offspring grow up they do not even 
recognize their parents. Such should not be the case in human life. Therefore) Allah has 
directed man regarding his parents. (They should be given loving care because) His 
mother bore him (in her womb) while she herself became weaker. Then she suckled and nourished him for a period of two years (2:233; 46:15). Whereas man’s creation is 
dependent on Our Law, his nourishment is also no less due to parental care. So, he should be grateful to Us as well as to his parents. Although all this happens according to Our Laws (that is the embryo is formed and its growth are as per these Laws), those who contribute to the means of his growth must also be rewarded. This is the need of human society.pz.
(২:২৩৩
۞ وَالْوَالِدَاتُ يُرْضِعْنَ أَوْلَادَهُنَّ حَوْلَيْنِ كَامِلَيْنِ ۖ لِمَنْ أَرَادَ أَنْ يُتِمَّ الرَّضَاعَةَ ۚ وَعَلَى الْمَوْلُودِ لَهُ رِزْقُهُنَّ وَكِسْوَتُهُنَّ بِالْمَعْرُوفِ ۚ لَا تُكَلَّفُ نَفْسٌ إِلَّا وُسْعَهَا ۚ لَا تُضَارَّ وَالِدَةٌ بِوَلَدِهَا وَلَا مَوْلُودٌ لَهُ بِوَلَدِهِ ۚ وَعَلَى الْوَارِثِ مِثْلُ ذَٰلِكَ ۗ فَإِنْ أَرَادَا فِصَالًا عَنْ تَرَاضٍ مِنْهُمَا وَتَشَاوُرٍ فَلَا جُنَاحَ عَلَيْهِمَا ۗ وَإِنْ أَرَدْتُمْ أَنْ تَسْتَرْضِعُوا أَوْلَادَكُمْ فَلَا جُنَاحَ عَلَيْكُمْ إِذَا سَلَّمْتُمْ مَا آتَيْتُمْ بِالْمَعْرُوفِ ۗ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ بِمَا تَعْمَلُونَ بَصِيرٌ
আৰু মাকে সিহঁতৰ সন্তানসকলক পূৰ্ণ দুবছৰ স্তনপান কৰাব, এইটো তাৰ বাবে যিয়ে স্তনপান কৰোৱাৰ সময় পূৰ্ণ কৰিব বিচাৰে। পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (মাতৃসকলৰ) ভৰণ-পোষণ কৰা। সাধ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয়। কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু যাৰ সন্তান (পিতা) তাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয়, আৰু উত্তৰাধিকাৰীৰো সেই একেই কৰ্তব্য। কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে স্তনপান বন্ধ ৰাখিব বিচাৰে, তেন্তে সিহঁতৰ কোনো অপৰাধ নহ’ব; আৰু যদি তোমালোকে (কোনো ধাত্ৰীৰ দ্বাৰা) তোমালোকৰ সন্তানসকলক স্তনপান কৰাব বিচৰা, তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মুতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, তোমালোকে যি কৰা নিশ্চয় আল্লাহে সেয়া প্ৰত্যক্ষকাৰী।
.
৪৬:১৫
وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ إِحْسَانًا ۖ حَمَلَتْهُ أُمُّهُ كُرْهًا وَوَضَعَتْهُ كُرْهًا ۖ وَحَمْلُهُ وَفِصَالُهُ ثَلَاثُونَ شَهْرًا ۚ حَتَّىٰ إِذَا بَلَغَ أَشُدَّهُ وَبَلَغَ أَرْبَعِينَ سَنَةً قَالَ رَبِّ أَوْزِعْنِي أَنْ أَشْكُرَ نِعْمَتَكَ الَّتِي أَنْعَمْتَ عَلَيَّ وَعَلَىٰ وَالِدَيَّ وَأَنْ أَعْمَلَ صَالِحًا تَرْضَاهُ وَأَصْلِحْ لِي فِي ذُرِّيَّتِي ۖ إِنِّي تُبْتُ إِلَيْكَ وَإِنِّي مِنَ الْمُسْلِمِينَ
আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছো। তাৰ মাকে তাক বহু কষ্টেৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টেৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু স্তনপান এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তিপ্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰো যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছো আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।)
।।।
১৭:২৩
۞ وَقَضَىٰ رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا ۚ إِمَّا يَبْلُغَنَّ عِنْدَكَ الْكِبَرَ أَحَدُهُمَا أَوْ كِلَاهُمَا فَلَا تَقُلْ لَهُمَا أُفٍّ وَلَا تَنْهَرْهُمَا وَقُلْ لَهُمَا قَوْلًا كَرِيمًا
আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা।
।।।
মানুহৰ বিৱৰ্তনৰ সম্পৰ্কে এটা অনুমানৰ বাবে ৪৬:১৫;  ৭১:১৪।
.
৪৬:১৫
وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ إِحْسَانًا ۖ حَمَلَتْهُ أُمُّهُ كُرْهًا وَوَضَعَتْهُ كُرْهًا ۖ وَحَمْلُهُ وَفِصَالُهُ ثَلَاثُونَ شَهْرًا ۚ حَتَّىٰ إِذَا بَلَغَ أَشُدَّهُ وَبَلَغَ أَرْبَعِينَ سَنَةً قَالَ رَبِّ أَوْزِعْنِي أَنْ أَشْكُرَ نِعْمَتَكَ الَّتِي أَنْعَمْتَ عَلَيَّ وَعَلَىٰ وَالِدَيَّ وَأَنْ أَعْمَلَ صَالِحًا تَرْضَاهُ وَأَصْلِحْ لِي فِي ذُرِّيَّتِي ۖ إِنِّي تُبْتُ إِلَيْكَ وَإِنِّي مِنَ الْمُسْلِمِينَ
আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছো। তাৰ মাকে তাক বহু কষ্টেৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টেৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু স্তনপান এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তিপ্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰো যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছো আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।
.
৭১:১৪
وَقَدْ خَلَقَكُمْ أَطْوَارًا
‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।
.... arranged syedraf....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.